২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হ’ব ৰাম মন্দিৰৰ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ দেশজুৰি চলিছে প্ৰস্তুতি ৷ লোকে লোকাৰণ্য হৈ পৰিছে ৰাম জনমভূমি। অযোধ্যোৰ এতিয়া বিৰ দি বাট নোপোৱা অৱস্থা। অন্তহীন ব্যস্ততা ৰাম নগৰীত। দেশৰ বহু ভিআইপি, ৰাজনৈতিক নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদৰ পৰা ভিন্ন ক্ষেত্ৰৰ তাৰকাৰ আগমন ঘটিছে অযোধ্যালৈ ৷
অযোধ্যাত উপস্থিত হৈছে দেশৰ ভিন্নপ্ৰান্তৰ সাধু-সন্ত। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ ঐতিহাসিক সাক্ষী হ’বলৈ অসমৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ সকল উপস্থিত হৈছে। মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামী, অসম সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰশালৰ সত্ৰাধিকাৰ জীতেন্দ্ৰনাথ প্ৰাধানী, অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম মহন্ত, চাংগিনী সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ লিগাচুকে আজি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত হৈছে অযোধ্যাত।
উত্তৰ পূৱৰ সন্ত মহন্ত, সত্ৰাধিকাৰ সকলৰ আপ্যায়নৰ ব্যবস্থাপক হিচাপে বটদ্ৰৱাৰ ৰাজীৱ কলিতা নামৰ এজন যুৱ সমাজকৰ্মীয়ে দ্বায়িত্ব পালন কৰি আছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, সৰযূ নদীৰ পাৰৰ মনি পৰ্বত অঞ্চলত উত্তৰ পূৱৰ সন্ত মহন্ত, সত্ৰাধিকাৰ সকলৰ থকাৰ ব্যৱস্থা কৰা হৈছে।