ৰাম মন্দিৰত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত অযোধ্যালৈ আগমন ঘটিল ভাৰতৰ ৰাজনৈতিক জগত,ক্ৰীয়া,সাহিত্য,সংস্কৃতিকে আদি কৰি বহু ভব্য-গব্য লোকৰ৷ অযোধ্যালৈ আগমন ঘটিল বহু বলীউড তাৰকা অভিনেতাৰ। এই বিশাল অনুষ্ঠানত নিজৰ নিজৰ পৰম্পৰাগত সাজপোচাকত দেখা গ’ল সকলো তাৰকাক । য’ত জনপ্ৰিয় তাৰকা অভিনেতা ৰণবীৰ কাপুৰে ধূতি-কুৰ্তা পিন্ধাৰ বিপৰীতে তেওঁৰ পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটে পৰিধান কৰিলে সেউজীয়া ৰঙৰ এখন ৰেচমী শাৰী । যিখন শাৰীৰ বাবেই এতিয়া সৰ্বত্ৰে চৰ্চিত আলিয়া ।
কিয় এখন শাৰী পিন্ধিয়েই চৰ্চিত আলিয়া?
কিয় ইমান বিশেষ আলিয়াৰ শাৰীখন?
আলিয়াৰ শাৰীখন দেখাত সাধাৰণ শাৰী যেন লাগিলেও এই শাৰীখন এনে এখন শাৰী যিখন শাৰীৰ আঁচলত হাতেৰে অংকন কৰা প্ৰতিটো দৃশ্যই ৰামায়ণৰ কাহিনীকেই প্ৰতিফলিত কৰিছে আৰু সেইবাবেই এতিয়া সকলো মাধ্যমতে বহুলভাৱে চৰ্চিত অভিনেত্ৰী গৰাকী৷
অতি আকৰ্ষণীয় তেওঁ পৰিধান কৰা এই কৰ্ণাটকৰ মহীশূৰ ৰেচমৰ শাৰী খনৰ আঁচলৰ কাৰুকাৰ্য্য । মাধুৰ্য্য ক্ৰিয়েচনৰ দ্বাৰা ডিজাইন কৰা এই শাৰীখন হাতেৰে ছপা কৰা ডিজাইনৰ বাবেই ইতিমধ্যে যথেষ্ট বিখ্যাত হৈ পৰিছে । দুজন শিল্পীয়ে একেলগে ১০০ ঘণ্টাত সম্পূৰ্ণ কৰিছে হাতৰ ছাপেৰে শাৰীৰ আঁচলত নক্সা অংকন কৰা কাৰ্য্য । ইয়াৰ লগতে আলিয়াই শাৰীখনৰ লগত মিলাই পৰিধান কৰা শ্বলখন দুশালা ইণ্ডিয়াৰ।
সংবাদ মাধ্যমৰ খবৰ অনুসৰি আলিয়াৰ এই বিশেষ শাৰীখনৰ মূল্য প্ৰায় ৪৫ হাজাৰ টকা।
শিল্পীগৰাকীয়ে নিজেই এই শাৰীৰ আঁচলত অংকণ কৰিছে হৰ ধনু, ৰজা দশৰথ, সোণালী হৰিণ, হনুমানে মাতৃ সীতাক আঙঠিটো দিয়া, সীতা হৰণৰ দৰে ৰামায়ণৰ বহু আকৰ্ষণীয় দৃশ্য । পৰম্পৰাগত ‘পট্টাচিত্ৰ’ শৈলীত নিৰ্মাণ কৰা হৈছে এই দৃশ্য চিত্ৰসমূহ।
আনহাতে ৰণবীৰৰ পশমিনা চাদৰৰ দাম জানিলেও হয়তো থতমত খাব আপুনি।কিয়নো আলিয়াৰ শাৰীখনে সকলোৰে মন জয় কৰিলেও ৰণবীৰ কাপুৰৰ ধূতি-কুৰ্তাও বৰ্তমান সময়ত চৰ্চাৰ বিষয় হৈ পৰিছে। অভিনেতা ৰণবীৰে পৰিধান কৰা হাতীদাঁতৰ ৰঙৰ ধূতি-কুৰ্তা আৰু তাৰ লগত মিলাই লোৱা হাতেৰে তৈয়াৰ কৰা পশমিনা চাদৰ অৱশ্যেই এতিয়া এক চৰ্চাৰ বিষয়৷
উল্লেখনীয় যে আলিয়াৰ শাৰীতকৈ বেছি মূল্যবান ৰণবীৰৰ এই চাদৰ। তাৰকা অভিনেতা ৰণবীৰ কাপুৰে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ অহাৰ সময়ত পৰিধান কৰা সেই বিশেষ পশমিনা চাদৰখনৰ মূল্য প্ৰায় ১ লাখ ৭ হাজাৰ টকা।