শ্যাম প্ৰডাকছনজৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া ছবি ‘ৰুদ্ৰ’ৰ আজি আনুষ্ঠানিকভাৱে লগ’ মুকলি কৰা হয়। শ্ৰীৰঘূপতিৰ সফলতাৰ পাছত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা চুক্তিবদ্ধ হৈছে ৰুদ্ৰ নামৰ এই অসমীয়া ছবিখনৰ বাবে। ৰবি শৰ্মাৰ বিপৰীতে দুগৰাকী মুখ্য নায়িকাৰ চৰিত্ৰকে ধৰি আন ১৫টা চৰিত্ৰৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান অভিনয় শিল্পী বাছনি কৰিব পৰিচালক তথা প্ৰযোজকে।
আজি এই চিনেমাখনৰ অডিশ্বনৰ বাবে অনুষ্ঠানিকভাৱে মুকলি কৰা হল গুগল ফৰ্ম। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে কণ্ঠদান কৰিব এই চিনেমাখনৰ গীতত। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত এই কথা সদৰি কৰে চিনেমাখনৰ পৰিচালক ৰূপক গগৈ আৰু মুখ্য প্ৰযোজক ৰাজেশ কুমাৰ মোৰে।
উল্লেখ্য যে বলিউডৰ ছবি ‘এনিমেল’ৰ এক্সনৰ নিৰ্দেশনা দিয়া এগৰাকী অসমীয়া ব্যক্তিয়ে এই চিনেমাখনত এক্সন পৰিচালনা কৰিব। ২ কোটি টকা বাজেটেৰে নিৰ্মীয়মান এই চিনেমাখন চলিত বৰ্ষৰ নৱেম্বৰত মুক্তি দিয়া হব। ১০ মে’ৰ পৰা অসমৰ উপৰিও হায়দৰাবাদৰ বিভিন্ন লোকেশ্বনত হ’ব দৃশ্যগ্ৰহণ। অসমৰ আইন-শৃংখলা পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ চিনেমাখন নির্মাণ কৰা হৈছে ৷