ডিব্ৰুগড় বাইপাছৰ বকপৰা-খনিকৰত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ।এখন বলেৰ’ পিকআপ ভান আৰু এখন ডাম্পাৰৰ মাজত হোৱা মুখামুখি সংঘর্ষত এজন লোক নিহত হোৱাৰ লগতে আন তিনিজন লোক আহত হয় ৷ দুর্ঘটনাগ্ৰস্ত বলেৰ’ পিকআপ ভানখনৰ নম্বৰ হৈছে এ এছ ০৪ বিচি ৯৫৯৭৷ আনহাতে ডাম্পাৰখনৰ নম্বৰ হৈছে এএছ ০৪ বিচি ০৬৬৭ ৷
ডিব্ৰুগড় আৰক্ষীৰ দায়িত্বহীনতাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে । জানিব পৰা মতে জনশূন্য অন্ধকাৰ পথত আৰক্ষীবিহীন বেৰিকেড ধৰিব নোৱাৰি তীব্ৰ বেগত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।দুর্ঘটনাত দুয়োখন বাহন সম্পূর্ণৰূপে ভাঙি পৰে ৷ ইতিমধ্যে এমচিএইছলৈ প্ৰেৰণ কৰা গুৰুতৰভাৱে আহত দুজনৰ অৱস্থা সংকটজনক। হতাহতসকলৰ পৰিচয় বৰ্ত্তমানলৈ উদ্ধাৰ কৰা হোৱা নাই।
ইফালে বৰপেটাৰ হাউলীত সংঘটিত হয় আন এটা শোকাৱহ পথ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন চাইকেল আৰোহী । হাউলী জুনিয়ৰ কলেজৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ নিহত চাইকেল আৰোহীজন হাউলীৰ লাচিত ৰোডৰ জয় কৃষ্ণ শীল বুলি জানিব পৰা গৈছে ।
লোকজনে চাইকেল লৈ কামলৈ ওলাই যোৱাৰ সময়তে এএছ ২৮ চি ৯১৫২ নম্বৰৰ তীব্ৰ বেগী ডাম্পাৰখনে তেওঁক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে । স্থানীয় লোকৰ খবৰ মৰ্মে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ ডাম্পাৰ খন জব্দ কৰে ৷