বিজেপিত যোগদান কৰিলে প্ৰাক্তন কংগ্ৰেছ নেতা কুলদ্বীপ বৰুৱা আৰু আপ নেতা কমল কুমাৰ মেধিয়ে ৷ আজি ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দুয়োজন নেতাই বিজেপিত আনুষ্ঠানিভাৱে যোগদান কৰে ৷ ইয়াৰ লগতে কেইবাজনো ৱার্ড কাউন্সিল, কংগ্ৰেছ কর্মী আৰু তৃণমূল কংগ্ৰেছ কর্মীয়েও বিজেপিত যোগদান কৰে ৷
উল্লেখ্য যে আজি বিজেপিত যোগদান কৰা কুলদ্বীপ বৰুৱা কংগ্ৰেছৰ এজন শক্তিশালী নেতা হিচাপে পৰিচিত ৷ ২০১৯ চনত তেওঁ ছিপাঝাৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰিছিল ৷ সেই সময়ত তেওঁ ৭ হেজাৰ ভোটৰ ব্যৱধানত পৰমানন্দ ৰাজবংশীৰ বিৰুদ্ধে পৰাজিত হৈছিল ৷ তেওঁৰ বিজেপিত যোগদান কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত হিচাপে বিবেচিত হৈছে ৷
ইপিনে যুৱনেতা কমল মেধি ইতিমধ্যে ৰাইজৰ দল, কংগ্ৰেছ, আৰু আম আদমী পার্টীত যোগদান কৰিছিল ৷ কিন্তু তেওঁ কোনো এটা দলতে টিকিব পৰা নাছিল ৷ অৱশেষত তেওঁ আজি বিজেপিত যোগদান কৰে ৷ যোগদান কৰিয়েই দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা আৰু বিজেপি চৰকাৰৰ কাম কাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷ আজিৰ অনুষ্ঠানত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিধায়ক পৰমানন্দ ৰাজবংশী,ৰাজ্যিক বিজেপিৰ প্ৰভাৰী ৰাবীন্দ্ৰ ৰাজুকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে ৷