ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ ৷ গুৱাহাটীত অনুষ্ঠিত হ’ব খেল’ ইণ্ডিয়া ইউনিভার্ছিটী গেমছ- অষ্টলক্ষ্মী ৷ খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণো সফলতাৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে । ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে ল’গ’,অগ্নিশিখা, জাৰ্ছি আৰু সংগীত প্ৰস্তুত কৰি তোলা হৈছে ।
৮ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ ৰাজ্য মন্ত্ৰী নিশীথ প্ৰমাণিকে উত্তৰ পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যক প্ৰতিনিধিত্বৰে প্ৰস্তুত কৰা ল’গ’, প্ৰতীক, জাৰ্ছি আৰু শীৰ্ষ সংগীত আনুষ্ঠানিকভাৱে মুকলি কৰিব। কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামতএই অনুষ্ঠান অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে, এই প্ৰতিযোগিতাখনত এইবাৰ সমগ্ৰ দেশৰ ১৬৩ খন বিশ্ববিদ্যালয়ৰ ৫০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। খেল’ ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া- অষ্টলক্ষ্মী ২০২৩ ত এথলেটিকছ, ৰাগবী, বাস্কেটবল, ভলীবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেঞ্চিং, কাবাডী, ফুটবল, টেনিছ, , জুডো, টেবুল টেনিছ, বক্সিং, শ্বুটিং, ভাৰোত্তোলন, আৰ্চাৰী, মল্লযুঁজ আৰু যোগসনকে ধৰি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অন্তভূর্ক্ত কৰা হৈছে ৷
এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ জনাইছে অসম চৰকাৰে ৷ কিছুদিন পূর্বে সংবাদমেলত এই কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ অৱশ্যে প্ৰধানমন্ত্ৰীৰ উপস্থিতি এতিয়াও নিশ্চিত হোৱা নাই বুলি জানিব পৰা গৈছে ।