বিহাৰত আজি অনুষ্ঠিত আস্থাভোটত জয়ী হ’ল নৱ-নির্বাচিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৷ আস্থা ভোটত বিহাৰৰ গৰিষ্ঠসংখ্যক বিধায়কে তেওঁৰ নেতৃত্বত এন ডি এ চৰকাৰৰ সপক্ষে ভোটদান কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে লাভ কৰে ১২৯ টা ভোট। কিন্তু ভোটদানৰ পূৰ্বে বিৰোধী দলৰ আৰজেডি, কংগ্ৰেছ আৰু বাওঁপন্থী বিধায়কসকলে শ্লোগান দি বিধানসভা ভৱন ত্যাগ কৰে ৷
বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ এৰি দুসপ্তাহ পূৰ্বে এন ডি এ শিবিৰত যোগদান কৰিছিল নীতিশ কুমাৰে। যদিও তেওঁ বিৰোধী মিত্ৰজোঁট একত্ৰিত কৰিব বিচাৰিছিল, তথাপিও তেওঁ সফল নহ’ল বুলি উল্লেখ কৰি কুমাৰে কয় যে লালুপ্ৰসাদ যাদৱ আৰু ৰাবৰি দেৱীৰ ১৫ বছৰীয়া শাসনত বিহাৰত সৰ্বাধিক সাম্প্ৰদায়িক হিংসাৰ ঘটনা সংঘটিত হৈছে ৷ অৱশ্যে নীতিশ কুমাৰৰ বিৰুদ্ধে বিধানসভাত সৰৱ হৈ পৰে তেজস্বী যাদৱ ৷ তেওঁ বিজেপিক তীব্ৰ সমালোচনা কৰাক লৈ বিধানসভাৰ মজিয়া উত্তাল হৈ পৰে >
উল্লেখ্য যে কিছুদিন পূর্বে হঠাতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰি ইণ্ডিয়া মিত্ৰজোঁট এৰিছিল নীতিশ কুমাৰে ৷ ইয়াৰ পাছতে এনডিএৰ সৈতে মিত্ৰতা কৰি চৰকাৰ গঠনৰ সিদ্ধান্ত ঘোষণা কৰে নীতিশ কুমাৰে ৷