২০২২ চনৰ ডিচেম্বৰ মাহত ভাৰতীয় কোটিপতি ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ সন্তান অনন্ত আম্বানী আৰু এংকৰ হেল্থকেয়াৰৰ চিইঅ’ বিনোদ মাৰ্চেণ্টৰ কন্যা ৰাধিকা মাৰ্চেণ্টৰ বাগ্দান সম্পন্ন হৈছিল । তেতিয়াৰ পৰাই দুয়োজনৰ বিয়াৰ তাৰিখ সম্পৰ্কে বিভিন্ন খবৰ নেট জগতত প্ৰচাৰ হ’বলৈ ধৰিছে ৷ অৱশ্যে অনন্ত-ৰাধিকাৰ এইবাৰ বিয়াৰ দিন বাৰ নির্ধাৰণ হোৱা বুলি প্ৰকাশ পাইছে ৷ ইতিমধ্যে তেওঁলোকৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ প্ৰস্তুতি আৰম্ভ হৈছে।
অনন্ত-ৰাধিকাৰ বিবাহ অনুষ্ঠান চলিত বৰ্ষৰ ১০, ১১ আৰু ১২ জুলাইত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই আম্বানী পৰিয়ালে। স্বাভাৱিকতে মুকেশ আম্বানীৰ সৰু সন্তানৰ বিয়াও নেটিজেনৰ মাজত চর্চাৰ সৃষ্টি কৰে ৷ কষ্টিউম ডিজাইনাৰ মনীষ মালহোত্ৰাক বিয়াৰ সকলো কামৰ দায়িত্ব অৰ্পণ কৰা হৈছে। খোৱা-বোৱা, সজোৱা, বিয়াৰ স্থান বাছি লোৱাৰ পৰা আৰম্ভ কৰি কইনাৰ সাজ-পোছাক ডিজাইন কৰালৈকে সকলো কামৰ দায়িত্ব মনীষে ল’ব।
ৰাধিকা আৰু অনন্ত সৰুৰে পৰা বন্ধু ৷ অনন্তক প্ৰায়ে ৰাধিকাৰ সৈতে বিভিন্ন অনুষ্ঠানত দেখা গৈছিল। কিন্তু প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ বিবাহৰ লগে লগে অনন্তৰ সৈতে ৰাধিকাৰ বিবাহৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰে। যোধপুৰত প্ৰিয়ংকা-নিকৰ বিয়াতো আম্বানী পৰিয়ালৰ সৈতে উপস্থিত আছিল ৰাধিকা। ৰাধিকাই আম্বানী পৰিয়ালৰ সৈতে মুম্বাইত দীপিকা পাডুকন আৰু ৰণবীৰৰ অভ্যৰ্থনা অনুষ্ঠানতো অংশ লয়।
নৃত্যশিল্পী ৰাধিকাক সদায় অনুসৰণ কৰি আহিছে নীতা আম্বানীয়ে । নীতা আম্বানি আৰু ৰাধিকাক প্ৰায়ে দেখা যায় ফটোৰ বাবে প’জ দিয়া ৷ যেতিয়া অনন্তই প্ৰায়ে গুজৰাটৰ সোমনাথ মন্দিৰলৈ গৈ পূজা কৰিছিল, তেতিয়া ৰাধিকাকো তেওঁৰ লগত নিয়মিতভাৱে সোমনাথ মন্দিৰত দেখা গৈছিল ৷ সেয়েহে বহুতে নিশ্চিত হৈছিল যে ৰাধিকা আম্বানী পৰিয়ালৰ সৰু বোৱাৰী হ’বলৈ গৈ আছে।