আমিৰ খানৰ ‘দংগল’ চিনেমাত অভিনয় কৰি সুখ্যাতি লাভ কৰা সুহানীৰ আজি দেহাৱসান ঘটে ৷ মাত্ৰ ১৯ বছৰ বয়সতে অভিনেত্ৰী গৰাকীয়ে ইহলীলা সম্বৰণ কৰে ৷কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীৰ ভৰি ভাঙিছিল। দিল্লী এইমছত ভৰ্তি কৰোৱা হৈছিল তেওঁক । সেই চিকিৎসাৰ বাবে তেওঁ কেইবাবিধো ঔষধ খাইছিল। তাৰ পৰাই পাৰ্শ্বক্ৰিয়া আৰম্ভ হয়, শৰীৰত তৰল পদাৰ্থ জমা হোৱা আৰম্ভ হয়। ইয়াৰ বাবেই এইগৰাকী যুৱ অভিনেত্ৰী গৰাকীৰ মৃত্যু হোৱা বুলি কোৱা হৈছে । সুহানী ফৰিদাবাদৰ বাসিন্দাঈ । শনিবাৰে তাতেই তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
লক্ষণীয় যে হাৰিয়ানাৰ ফ’গাট-ভগ্নী যুঁজৰ কাহিনী বৰ্তমান ভাৰতীয় ক্ৰীড়া মহলত বহুলভাৱে প্ৰচাৰিত হৈছে। তেওঁলোকৰ যুঁজৰ কাহিনী দংগল চিনেমাখনত উপস্থাপন কৰা হৈছিল। এই ছবিখনৰ জৰিয়তে ফাতিমা ছানা শ্বেখ, সন্যা মালহোত্ৰা আৰু সুহানী ভাতনগৰে বলীউডত অভিষেক ঘটায়। এই তিনিগৰাকী যুৱতীক আমিৰৰ কন্যাৰ চৰিত্ৰত দেখা যায়। আমিৰৰ পৰ্দাৰ কন্যা সুহানীয়ে ছবিখনত কিশোৰী ববিতা ফোগাটৰ চৰিত্ৰত দেখা গৈছিল।