তৃণমূল কংগ্ৰেছে অসমৰ সকলো সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাটো বিচাৰিছে প্ৰাক্তন সাংসদ সুষ্মিতা দেৱে । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এই আহ্বান জনাইছে সুষ্মিতা দেৱে । ভাৰতত বিজেপি বিৰোধী মিত্ৰতা একত্ৰিত হ’লেও তৃণমূলৰ শীৰ্ষ নেত্ৰীগৰাকীয়ে পশ্চিমবংগৰ ৪২খন আসনৰ আটাইকেইখনতে তেওঁৰ দলে যুঁজ দিব বুলি কৈছে। ইয়াৰ বাহিৰেও তৃণমূলে অসম, মেঘালয়, ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশৰ এখন আসনত যুঁজিব বিচাৰিছে বুলি শাসকীয় দলৰ সূত্ৰই প্ৰকাশ কৰিছে।
অসমত তৃণমূলৰ প্ৰাৰ্থীত্ব সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত সুষ্মিতাই কয়-“ আমি অসমৰ সকলো লোকসভা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰা উচিত। আমাৰ দলৰ সৰ্বোচ্চ নেতাগৰাকীকো সেই কথা জনাইছো। মমতা দিদীয়ে বাৰে বাৰে দেখুৱাইছে যে বিজেপিৰ একমাত্ৰ বিকল্প হৈছে তৃণমূল। গতিকে তেওঁৰ নেতৃত্বত অসমতো বিজেপিক পৰাস্ত কৰিবলৈ তৃণমূলে যুঁজ দিয়ক।”
তেওঁ আৰু কয়, “অসমৰ ৰাজনীতিত কংগ্ৰেছ দিনক দিনে অপ্রাসংগিক হৈ পৰিছে। যদিও তেওঁলোক বিধানসভাৰ মূল বিৰোধী দল, তথাপিও লোকসভা নিৰ্বাচনত তেওঁলোকে যুঁজ নাই বুলি ক’লেও ভুলল কোৱা নহ’ব । বৰং অসমত কিছু পৰিমাণে বিজেপিৰ বিৰুদ্ধে যুঁজ দিছে এআই ইএউডিএফে । গতিকে অসমৰ বিৰোধী ৰাজনীতিৰ পৰিসৰ এতিয়াও খালী হৈ আছে। গতিকে যদি আমি মমতা বেনার্জীৰ নেতৃত্বত যুঁজ দিওঁ, তেন্তে অনাগত দিনত তৃণমূল অসমৰ মূল দল হিচাপে আত্মপ্ৰকাশ কৰিব।”
২০২২ চনত কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰাৰ পিছত মানস ভূঞাই খালী কৰা আসনখনত তৃণমূলে তেওঁক ডেৰ বছৰৰ বাবে ৰাজ্যসভালৈ প্ৰেৰণ কৰে। ইয়াৰ উপৰিও অসম আৰু ত্ৰিপুৰাত তেওঁৰ নেতৃত্বত সংগঠন গঢ়াৰ দায়িত্বও তেওঁক দিয়া হৈছিল। ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব নোৱাৰিলে তৃণমূল। তেতিয়াও সুষ্মিতাই হাৰ নামানিল আৰু অসমত তৃণমূলৰ সংগঠন গঢ়ি তুলিবলৈ আৰম্ভ কৰিলে। কংগ্ৰেছে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাক অসমৰ তৃণমূল প্ৰদেশৰ সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে।