শুকুৰবাৰে নেটফ্লিক্স অ’টিটি প্লেটফৰ্মত মুক্তি পোৱাৰ কথা আছিল ‘দ্য ইন্দ্ৰাণী মুখাৰ্জী: বাৰিড ট্ৰুথ’ শীৰ্ষক এখন তথ্যচিত্ৰ ধাৰাবাহিক। শ্বীনা বৰা হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত হৈছে এই তথ্যচিত্ৰখন। অৱশ্যে ধাৰাবাহিকখন মুক্তিৰ বাটত বাধাৰ সৃষ্টি কৰিছে তদন্তকাৰী সংস্থা চিবিআইয়ে।
চৰকাৰী অধিবক্তা চি জে নন্দোৰ জৰিয়তে চিবিআইয়ে মুম্বাইৰ বিশেষ আদালতত গোচৰ ৰুজু কৰে। চিবিআইয়ে আদালতত অনুৰোধ জনাইছে যে শ্বীনা বৰা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্তক ধৰি অন্যান্যসকলক তথ্যচিত্ৰখনত নেটফ্লিক্স বা আন কোনো অ’টিটি প্লেটফৰ্মত চূড়ান্ত শুনানি নোহোৱালৈকে দেখুৱাব নালাগে।
মুম্বাইৰ বিশেষ আদালতে নেটফ্লিক্স এণ্টাৰটেইনমেণ্ট চাৰ্ভিচেছ ইণ্ডিয়ালৈ প্ৰেৰণ কৰিছে আইনী জাননী। মঙলবাৰে শুনানি গ্ৰহণ কৰা হ’ব এই গোচৰৰ। শুকুৰবাৰে নেটফ্লিক্সত মুক্তি নিদিবলৈয়ো চিবিআইয়ে অনুৰোধ জনাইছে।
২০১২ বর্ষৰ ২৪ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে ২৫ বছৰীয়া শ্বীনা বৰা। শ্বীনাৰ মাতৃ ইন্দ্ৰাণী মুখার্জীয়ে কয় যে শ্বীনা উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছে। কিন্তু তিনি বছৰৰ পাছত কাহিনীয়ে বেলেগ ৰূপ লয় ৷ ইন্দ্ৰানীৰ গাড়ীৰ চালক শ্যামবৰ পিণ্টুৰাম ৰায়ে আৰক্ষীক জনোৱা মতে, শ্বীনাক হত্যা কৰা হৈছিল ৷ স্বয়ং ইন্দ্ৰানীয়ে হত্যা কৰিছিল শ্বীনাক ।
২০১৫ চনত শ্বীনাক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল ইন্দ্ৰানী। ২০২২ চনৰ মে’ মাহত জামিনত মুকলি কৰি দিয়া হৈছিল ইন্দ্ৰানী। তথ্যচিত্ৰ-ধাৰাবাহিক ‘দ্যাইন্দ্ৰাণী মুখাৰ্জী: বাৰিড ট্ৰুথ’ত এই গোচৰৰ সৈতে জড়িত ইন্দ্ৰাণী আৰু অন্যান্যসকলৰ মন্তব্য লিপিবদ্ধ কৰা হৈছিল। সেইবাবেই তদন্তকাৰী সংস্থাটোৱে আদালতৰ কাষ চাপিছিল।