ছবছৰীয়া প্ৰেমৰ অন্তত ২০১৮ চনৰ নৱেম্বৰ মাহত বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন আৰু বলীউডৰ অভিনেতা ৰণবীৰ সিং বিবাহপাশত আবদ্ধ হৈছিল। ৫ বছৰৰ পাছত পৰিয়ালত নতুন অতিথিক আদৰিবলৈ সাজু হৈছে দম্পতীহাল। অভিনেত্ৰী দীপিকা পাডুকন মাতৃ হোৱাৰ পথত ৷ শুনা যায় যে দীপিকা ৪-৫ মাহৰ গৰ্ভৱতী ৷
দুদিন পূর্বে ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ডছ (বাফটা)ত মঞ্চত দেখা গৈছিল দীপিকাক। ডিজাইনাৰ সব্যসাচী মুখাৰ্জীয়ে ডিজাইন কৰা শাৰী পিন্ধি অভিনেত্ৰীগৰাকীয়ে মঞ্চত পদার্পণ কৰিছিল ৷ বাফটাত শ্ৰেষ্ঠ অভিনেতা বিজয়ী চিলিয়ান মাৰ্ফিৰ কাষত থিয় হৈ থকা দীপিকাৰ এখন ছবিয়ে ইতিমধ্যে ছ’চিয়েল মিডিয়াত হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছে। তেতিয়াৰ পৰাই বিয়পি পৰিছে দীপিকাৰ গৰ্ভধাৰণৰ বাতৰি ৷ সূত্ৰ অনুসৰি চলিত বর্ষৰ মাজভাগতে তেওঁৰ সন্তান জন্ম হ’ব ৷
শেহতীয়াকৈ এক সাক্ষাৎকাৰত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে নেজেই মাতৃ হোৱাৰ ইচ্ছা প্ৰকাশ কৰে। দীপিকাৰ ভাষাত “ৰনবীৰ আৰু মই ল’ৰা-ছোৱালীক বহুত ভাল পাওঁ। আমি সেই দিনটোৰ বাবে অপেক্ষা কৰি আছো যেতিয়া আমি আমাৰ পৰিয়াললৈ নতুন অতিথি আদৰিব পাৰিম।” অৱশ্যে এই সন্দৰ্ভত এতিয়াও দীপিকা বা ৰণবীৰৰ কোনো এজনেই আনুষ্ঠানিক ঘোষণা হোৱা নাই।