ঠগ-প্ৰৱঞ্চনা- ধন আত্মসাৎ আদিৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে অভিনন্দন থিয়েটাৰৰ প্ৰযোজক জ্যোতিপদ তালুকদাৰ ৷ মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তালুকদাৰক । ২০২৩-২৪ নাট্যবৰ্ষত অভিনন্দন থিয়েটাৰে আত্মপ্ৰকাশ কৰিছিল ৷
দীর্ঘদিন ধৰি তালুকদাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছিল ৷ বহুকেইগৰাকী শিল্পীক চুক্তিবদ্ধ কৰাৰ পাছত মাননি দিয়া নাছিল তালুকদাৰে ৷ তেওঁৰ বিৰুদ্ধে কেইবাটায়ো অভিযোগ উত্থাপন কৰি কিছুদিন পূৰ্বে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে থিয়েটাৰত নাটকত অভিনয় নকৰাৰ সিদ্ধান্ত লৈছিল ৷ অভিনেত্ৰী গৰাকীয়ে নাট্যবর্ষটোৰ আধাতে এৰি আহিছিল নাট্যদলটো ৷ সমান্তৰালভাৱে জ্যোতিপদ তালুকদাৰৰ বিৰুদ্ধে আছে একাধিক অভিযোগ।
বিভিন্ন সমস্যাৰ বাবে ভালেকেইখন আহ্বায়ক সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিল অভিনন্দন থিয়েটাৰে। আহ্বায়ক সমিতিৰ পৰা লাখ লাখ টকা আগধন হিচাপে লোৱাৰ পাছতো নাট মঞ্চস্থ কৰিব পৰা নাছিল অভিনন্দন থিয়েটাৰে ৷যাৰ বাবে পৰিত্ৰাণৰ উপায় বিচাৰি শিল্পীসকলে সামাজিক মাধ্যমৰ জৰিয়তে আহ্বায়ক সমিতিৰ ওচৰত ক্ষমাপৰ্যন্ত বিচাৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছিল।
অভিযোগ অনুসৰি জ্যোতিপদ তালুকদাৰৰ সস্তীয়া মনোবৃত্তিৰ বাবেই নাট্যদলটো এশএবুৰি সমস্যাত পৰিছিল। পোহৰলৈ অহা তথ্যমতে, চি আৰ পি এফ বাহিনীৰ জোৱানক মাটি বিক্ৰীৰ নামত প্ৰবঞ্চনাৰ অভিযোগত অৱশেষত তালুকদাৰক মঙলবাৰে পাঠশালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।