ইছৰ’ই আৰম্ভ কৰিছে ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ প্ৰক্ৰিয়া। সেই অভিযানৰ নাম ৰখা হৈছে ‘গগনযান’। এই অভিযানৰ জটিল ইঞ্জিনৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে পৰীক্ষা সম্পন্ন কৰে। এই পৰীক্ষাটো সফলতা লাভ কৰিছে ইছৰ’ৱে ৷ অর্থাৎ ইছৰ’ই ভাৰতীয় মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ ক্ষেত্ৰত এখোজ আগুৱাই গ’ল।
বুধবাৰে ইছৰ’ই এক্স হেণ্ডলৰ জৰিয়তে কয় – ‘গগনযান’ৰ চিই২০ ক্ৰাইজেনিক ইঞ্জিন সফলতাৰে পৰীক্ষা কৰা হৈছে। এই ইঞ্জিনৰ জৰিয়তে মহাকাশচাৰীসকলক ‘গগনযান’ৰ বিশেষ পৰ্যায়ত শক্তি প্ৰদান কৰিব ৷” ইছৰোৱে কয় যে ইঞ্জিনটোৱে ‘ক্ৰাইজেনিক’ পৰ্যায়ত কাৰ্যক্ষম হ’ব, যেতিয়া পৰিৱেশৰ উষ্ণতা অত্যন্ত নিম্নগামী হ’ব ৷
লঞ্চ ভেহিকেল মাৰ্ক ৩ (LVM3) হৈছে ইছৰোৰ মহাকাশচাৰীক গগনযান অভিযানত প্ৰেৰণ কৰা বাহন। যোৱা বছৰৰ পৰা ইছৰ’ই গগনযান’ৰ একাধিক সঁজুলি পৰীক্ষা কৰি আহিছে। সেই তালিকাত ক্ৰাইজেনিক ইঞ্জিন পৰীক্ষণ সপ্তম স্থানত আছে। এই পৰীক্ষা তামিলনাডুৰ মহেন্দ্ৰগিৰিত সফলতাৰে সম্পন্ন হৈছে। ফলত ক্ৰাইজেনিক ইঞ্জিনটোৱে ‘মানৱ ৰেটিঙ’ৰ স্তৰ অতিক্ৰম কৰিছে। এতিয়া সেই ইঞ্জিনত উঠিবলৈ মানুহৰ কোনো বাধা নাই। একে সময়তে ইছৰ’ই কয় যে গগনযানক মাটিত থকাৰ সময়ত প্ৰয়োজনীয় পৰীক্ষাৰ ভিতৰত ক্ৰাইজেনিক পৰীক্ষাটোৱেই আছিল শেষ পৰীক্ষা। এই পৰ্যায়ত আৰু কোনো পৰীক্ষা বাকী নাই।
পৃথিৱীৰ সিপাৰে ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ কক্ষপথলৈ মানুহক প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে ইছৰোৱে। বিভিন্ন পৰ্যায়ত ইয়াৰ পৰীক্ষা চলি আছে। প্ৰথমে ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰিব ‘ব্যমমিত্ৰ নামৰ মহিলা ৰবট। সেই অভিযান সফল হ’লে মানুহক মহাকাশলৈ পঠিওৱা হ’ব।
১৯৮৪ চনৰ ৩ এপ্ৰিলত ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই ৰাছিয়াৰ এখন মহাকাশযানেৰে মহাকাশলৈ যাত্ৰা কৰি এক নজিৰ গঢ়ি তুলিছিল। অৱশ্যে এইবাৰ ভাৰতীয়সকলে মহাকাশলৈ যাবলৈ আন দেশৰ নহয়, নিজৰ দেশৰ প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰ কৰিব। এই অভিযানৰ বিফলতাৰ লগতে ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ ভাগ্যৰ কথাও মনত ৰাখি ইছৰোৱে মহাকাশচাৰীসকলক কেনেকৈ নিৰাপদে পৃথিৱীলৈ ঘূৰাই আনিব পাৰি তাৰো ব্যৱস্থা কৰিছে।