অভিনেতা হিচাপে তেওঁ কিমান সফল হৈছে সেয়া বিতৰ্কিত। কিন্তু এজন দানবীৰ হিচাপে ছনু সুদে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ মহামাৰীৰ সময়ত সমগ্ৰ দেশৰ মানুহৰ কাষত থিয় দিছিল তেওঁৰ সংগঠনে। লকডাউনৰ সময়ত দুৰ্গম অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক ঘৰলৈ উভতি যাবলৈ সহায় কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয় ৷ তেওঁ এতিয়া সাধাৰণ মানুহৰ বাবে ‘ভগৱান স্বৰূপ ’। তেওঁৰ এই পদক্ষেপৰ বাবে এটা সুন্দৰ মুহূৰ্তৰ সাক্ষী হ’ল অভিনেতা জন ৷
শেহতীয়াকৈ ছনুৱে ৰেষ্টুৰেণ্ট এখনত আহাৰ গ্ৰহণৰ বাবে গৈছিল ৷ আহাৰ গ্ৰহণ কৰাৰ পাছত বিল পৰিশোধ কৰিবলৈ গৈ আচৰিত হৈ পৰে অভিনেতাজন । কিয়নো ইতিমধ্যে কোনোবাই তেওঁৰ বিল আদায় দি থৈ গৈছে ৷ বিল আদায় দিয়া লোকজনে এটা মধুৰ বাৰ্তা এৰি থৈ গগৈছে অভিনেতাজনৰ বাবে ৷ নোটত লিখা বাৰ্তাটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ছনুৱে ৷ ইয়াত লিখা আছে, “আপুনি আমাৰ দেশৰ বাবে কৰা সকলো ভাল কামৰ বাবে ধন্যবাদ।”
কিন্তু সেই ব্যক্তিজনে নিজৰ পৰিচয় লুকুৱাই ৰাখিছে। সেয়ে ছনুৱে ইনষ্টাগ্ৰামত লিখিছে, “মই নাজানো কোনে এই কাম কৰিলে। ৰেষ্টুৰেণ্টত আমাৰ সম্পূৰ্ণ বিল আদায় দি এটা মিঠা বাৰ্তা এৰি থৈ গ’ল । আপোনাৰ এই দয়াই মোৰ হৃদয় চুই গ’ল।” একে সময়তে ছনুৱে ব্যক্তিজনক ধন্যবাদ দিবলৈ নাপাহৰিলে।
মহামাৰীৰ পাছতো অভিনেতাজনে বিভিন্ন সামাজিক কাম কৰি আছে। যোৱা বছৰ ওড়িশাৰ বালেশ্বৰত সংঘটিত হোৱা ৰে’ল দুৰ্ঘটনাৰ পিছতে ভুক্তভোগীৰ কাষত থিয় দিছিল অভিনেতাগৰাকী। এই মুহূৰ্তত ছনুৱে অভিনয়ৰ লগতে সমাজ কল্যাণমূলক কামতো কাম কৰি আছে।