‘বিগ বছ অ’টিটি ২’ত চৰ্চা লাভ কৰিছিল মনীষা ৰাণীয়ে। কম সময়ৰ ভিতৰতে তেওঁ সকলোৰে হৃদয় চুই গৈছিল ৷ মনীষাই ‘বিগ বছ’ত জয়ী নহ’ল যদিও এইবাৰ ‘ঝলক দিখলা জা ১১’ বিজয়ীৰ খিতাপ দখল কৰিছে । ৱাইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে শ্ব’ত প্ৰৱেশ কৰাৰ পিছত বিজয়ীৰ ট্ৰফী তেওঁ লাভ কৰে ৷ তেওঁ নিজৰ বুদ্ধিমত্তা আৰু নৃত্যৰে বিচাৰকৰ হৃদয় জয় কৰে ৷
মনীষাই পুৰস্কাৰ হিচাপে লাভ কৰে ৩০ লাখ টকা। তেওঁৰ নৃত্য গুৰু আশুতোষ পাৱাৰে ১০ লাখ টকাৰ নগদ পুৰস্কাৰ লাভ কৰে। মনীষাৰ উপৰিও এই নৃত্য ৰিয়েলিটি শ্ব’ৰ শীৰ্ষ চাৰি চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত আছিল শ্বোৱেইব ইব্ৰাহিম, শ্ৰীৰাম চন্দ্ৰ, আদ্ৰিজা সিনহা আৰু ধনশ্ৰী বৰ্মা। তাৰ ভিতৰত মনীষা আৰু ধনশ্ৰী দুয়োজনেই আছিল ৱাইল্ড কাৰ্ড প্ৰতিযোগী।
মনীষা বিহাৰৰ পৰা নৃত্য শিকিবলৈ অতি কম বয়সতে কলকাতালৈ গুচি যায়। লগতে নৃত্যৰ বাবেও প্ৰশিক্ষণ লৈছিল। ২০ বছৰ বয়সত তেওঁ কলকাতা এৰি মুম্বাইলৈ যোৱাৰ সিদ্ধান্ত লয়। মুম্বাইলৈ যোৱাৰ পিছত মনীষাই ডান্স ৰিয়েলিটি শ্ব’ৰ বাবে অডিচন দিছিল। নৃত্যৰ বাবে প্ৰশংসা লাভ কৰিছিল যদিও টিভি ৰাউণ্ডৰ বাবে নিৰ্বাচিত হোৱা নাছিল। অডিচনৰ পৰা আঁতৰি থাকিলেও তেওঁ পৰাজয় মানি লোৱা নাছিল। নৃত্যৰ অভ্যাস অব্যাহত ৰাখিলে। অৱশেষত তেওঁ ‘ঝলক দিখলা জা’ শ্ব’ৰ ট্ৰফী লাভ কৰে।
জয়ী হৈ মনীষাই কয়- “মোৰ সপোন বাস্তৱায়িত হ’ল। বিচাৰক আৰু দৰ্শকৰ পৰা মৰম, সমৰ্থন আৰু উৎসাহ লাভ কৰিলোঁ। সকলোৰে ওচৰত মই ঋণী। মই জানিছিলোঁ যে এই অভিজ্ঞতাই মোৰ জীৱনটো সলনি কৰিব আৰু ই সলনি কৰিলে। ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছিল। ফলত নৃত্যশিল্পী হিচাপেও মোৰ উন্নতি হৈছে।”