ইংলেণ্ডৰ বিৰুদ্ধে দ্বিপাক্ষিক শৃংখলাত বিৰাট কোহলীয়ে ৬৫৫ ৰান সংগ্ৰহ কৰিছিল ৷ তেওঁক অতিক্ৰম কৰিলে যশস্বী জয়ছোৱালে। তেওঁ চাৰিখন টেষ্টত ৬৫৫ ৰান সংগ্ৰহ কৰে। বৃহস্পতিবাৰে তেওঁ এক ৰানণ কৰাৰ লগে লগে কোহলিক অতিক্ৰম কৰে। এতিয়া এইক্ষত্ৰত আগত আছে কেৱল সুনীল গাভাস্কাৰ ৷
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ধৰমশালাত পঞ্চমখন টেষ্ট। সেই মেচত যশস্বীয়ে ৫৭ ৰান সংগ্ৰহ কৰিছিল। তেওঁ এটা ছিৰিজত ৭১২ ৰান সংগ্ৰহ কৰে। দ্বিতীয় ইনিংছত গাভাস্কাৰক অতিক্ৰম কৰিব পাৰে তেওঁ ৷ ১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজত গাভাস্কাৰে ৭৭৪ ৰান সংগ্ৰহ কৰিছিল। ২০১৬ চনত বিৰাটে ইংলেণ্ডৰ বিৰুদ্ধে ৬৫৫ ৰান সংগ্ৰহ কৰিছিল।
এই শৃংখলাৰ প্ৰথমখন খেলৰ পৰাই যশস্বী ফৰ্মত আছিল। হায়দৰাবাদত তেওঁ ৮০ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছৰ দুখন মেচত যশস্বীয়ে দুটা শতক অৰ্জন কৰে। ৰাঁচীত অনুষ্ঠিত চতুৰ্থ টেষ্টত তেওঁ ৭৩ ৰানৰ ইনিংছ খেলিছিল। ধৰমশালাত ৫৭ ৰান সংগ্ৰহ কৰি আউট হয় যশস্বী। ফলত তেওঁ পাঁচখন টেষ্টত অর্ধশতক বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰে।
এই শৃংখলাত যশস্বীয়ে ইতিমধ্যে এটা ইনিংছত সৰ্বাধিক ছিক্সৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ভাৰতৰ হৈ ছিৰিজত সৰ্বাধিক ছিক্সৰ অভিলেখো তেওঁ গঢ়িছিল ৷ ইংলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাত যদি তেওঁ আৰু এটা শতক অৰ্জন কৰে তেন্তে যশস্বীয়ে বিৰাট, ৰাহুল দ্ৰাবিড় আৰু মহম্মদ আজহাৰুদ্দিনক অতিক্ৰম কৰিব। ইংলেণ্ডৰ বিৰুদ্ধে ছিৰিজত বিৰাট, দ্ৰাবিড় আৰু আজহাৰুদ্দিনে দুইশতাধিক ৰান সংগ্ৰহ কৰিছে। সেই অভিলেখ ভংগ কৰিব পাৰে যশস্বীয়ে ৷