প্ৰতি বছৰে একাডেমী বঁটা প্ৰদান অনুষ্ঠানত মঞ্চত ‘ইন মেম’ৰিয়াম’ শিতানত বিশ্ব চিনেমাৰ নিৰ্বাচিত প্ৰয়াত দীপ্তিমানসকলক স্মৰণ কৰা হয়। প্ৰয়াত ভাৰতীয় কলা পৰিচালক তথা প্ৰযোজক নীতিন দেশাইক দেওবাৰে অস্কাৰ প্ৰদান অনুষ্ঠানত স্মৰণ কৰা হয়।
নিতিনে সুভাষ ঘাই, সঞ্জয় লীলা ভাঞ্চালীকে ধৰি কেইবাজনো বলীউড পৰিচালকৰ ছবিত কলা পৰিচালক হিচাপে কাম কৰিছিল। ‘ল’গান’, ‘হাম দিল দে চুকে সনাম’, ‘দেৱদাস’, ‘মুন্নাভাই এম বি বি এছ’, ‘যোধা আকবৰ’ আদি ছবিত তেওঁ কাম কৰিছিল ৷ ৫৭ বছৰীয়া নীতিন দেশাই যোৱা বছৰৰ ২ আগষ্টত আত্মহত্যা কৰিছিল। মহাৰাষ্ট্ৰৰ কাৰ্জাতত থকা তেওঁৰ ষ্টুডিঅ’ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। অস্কাৰত নীতিন দেশাইক তেওঁৰ সম্পূৰ্ণ নাম ‘নিতীন চন্দ্ৰকান্ত দেশাই’ৰে উল্লেখ কৰা হৈছিল। তেওঁৰ শ্ৰেষ্ঠ কৰ্মৰ কিছু আভাসও মঞ্চত দেখুওৱা হৈছে।
নীতিন দেশাই উপৰিও ‘পেৰাচাইট’ খ্যাতিৰ দক্ষিণ কোৰিয়াৰ অভিনেতা লি ছুন-কিউনক অস্কাৰৰ মঞ্চত স্মৰণ কৰা হয়। যোৱা বছৰৰ ২৭ ডিচেম্বৰত তেওঁ আত্মহত্যা কৰিছিল। ইয়াৰ উপৰিও একাডেমীয়ে এই শিতানৰ ‘ফ্ৰেণ্ডছ’ৰ তাৰকা মেথিউ পেৰী, সংগীতজ্ঞ তথা অভিনেতা হেৰী বেলাফণ্ট, অভিনেতা পল ৰুবেন্স, গ্লেণ্ডা জেকচন, ৰিয়ান অ’নিল, ৰিচাৰ্ড লুইছ আদিক স্মৰণ কৰে।
নীতিন দেশাইৰ প্ৰতি অস্কাৰ কৰ্তৃপক্ষৰ শ্ৰদ্ধাঞ্জলিয়ে ভাৰতীয় মনোৰঞ্জন জগততো আলোড়নৰ সৃষ্টি কৰিছে। পৰিচালক মিলাপ জাভেৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত এই বিষয়ে উল্লেখ কৰি অস্কাৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।
অৱশ্যে অস্কাৰৰ মঞ্চত ভাৰতীয় তাৰকাক শ্ৰদ্ধা জনোৱা এইটোৱেই প্ৰথম নহয়। ২০২১ চনত অস্কাৰৰ মঞ্চত সৌমিত্ৰ চেটাৰ্জী, ইৰফান খান, ঋষি কাপুৰ, সুশান্ত সিং ৰাজপুত আৰু সাজ-পোছাক ডিজাইনাৰ ভানু আথাইয়াক স্মৰণ কৰা হৈছিল ৷