ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন টেষ্ট শৃংখলাত ৰবিচন্দ্ৰন অশ্বিনে ২৬টা উইকেট দখল কৰে। দুয়োটা দলৰ বলাৰৰ ভিতৰত তেওঁ সৰ্বাধিক উইকেট দখলকাৰী। একে সময়তে ভাৰতৰ প্ৰবীণ অফ স্পিনাৰগৰাকীয়েও এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ভংগ কৰিলে মুৰলীধৰণৰ অভিলেখ ৷
ধৰমশালাত অনুষ্ঠিত শৃংখলাৰ পঞ্চমখন টেষ্ট আছিল অশ্বিনৰ ১০০ সংখ্যক টেষ্ট। সেই মেচত তেওঁ ৯টা উইকেট দখল কৰিছিল। শৃংখলাত তেওঁৰ মুঠ উইকেটৰ সংখ্যা ২৬টা। ইয়াৰ লগে লগে অশ্বিনে দ্বিপাক্ষিক টেষ্ট শৃংখলাত ৭ বাৰকৈ ২৫ বা তাতকৈ অধিক উইকেট দখল কৰে। টেষ্ট ক্ৰিকেটৰ ইতিহাসত আন কোনো বলাৰেই ইমান বাৰ ছিৰিজত ২৫টা বা তাতকৈ অধিক উইকেট দখল কৰিব পৰা নাই। এতিয়ালৈকে মুৰলীধৰণ আৰু অশ্বিন যৌথভাৱে শীৰ্ষত আছিল। দুয়োৰে এই কৃতিত্ব ছয়বাৰ আছিল। ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক শীৰ্ষস্থান দখল কৰি অশ্বিনে এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।
ধৰমশালাত অশ্বিনে দ্বিতীয় ইনিংছত ৫টা উইকেট দখল কৰে। সেইটোতো তেওঁ নজিৰ গঢ়ি তুলিছে। প্ৰথম আৰু ১০০ সংখ্যক টেষ্ট ইনিংছত ৫টা উইকেট দখল কৰা অশ্বিনে বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয়। শ্বেন ৱাৰ্ণ, মুৰুলিধৰণ, অনিল কুম্বলেৰ পিছত তেওঁ ১০০ সংখ্যক টেষ্ট ইনিংছত ৫টা উইকেট দখল কৰা বিশ্বৰ চতুৰ্থজন বলাৰ হিচাপে পৰিগণিত হয়।