আঘাত আৰু শ্ৰেয়াছ আয়াৰ, এই দুটা বিষয় কোনো ধৰণে পৃথক কৰিব নোৱাৰি। ভাৰত বনাম ইংলেণ্ডৰ টেষ্ট শৃংখলাত আঘাতৰ বাবে যোৱা তিনিখন টেষ্ট খেলিব নোৱাৰিলে শ্ৰেয়াছে। ৰঞ্জী ট্ৰফীৰ ফাইনেল খেলি থাকোঁতে তেওঁ পুনৰ আঘাতপ্ৰাপ্ত হয়, যাৰ বাবে তেওঁ আই পি এলৰ বাবে অনিশ্চিত হৈ পৰে। এই ছিজনতো শ্ৰেয়াছ উপলব্ধ হ’ব নে নহয় তাক লৈ জল্পনা-কল্পনা চলিছে।
মুম্বাইৰ দ্বিতীয় ইনিংছত শ্ৰেয়াছে ৯৫ ৰান সংগ্ৰহ কৰে। ইনিংছৰ সময়ত তেওঁ দুবাৰকৈ ফিজিঅ’ক মাতিবলগীয়া হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা বছৰ অস্ত্ৰোপচাৰ কৰা পুৰণি আঘাতৰ স্থানতে তেওঁৰ পুনৰ বিষ হৈছে। ৯ দিনৰ পিছত আই পি এলত প্ৰথমখন মেচ খেলিব কে কে আৰ। ইয়াৰ পূর্বে এই খবৰে দলটোক শংকিত কৰি তুলিছে ৷
ৰঞ্জী ফাইনেলৰ তৃতীয় দিনা ফিল্ডিং কৰিব নোৱাৰিলে শ্ৰেয়াছে। তেওঁক স্কেনৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। মুম্বাই দলৰ এক সূত্ৰই কয়, ‘শ্ৰেয়াছৰ আঘাত ভাল দেখা নাযায়। তেওঁৰ পিঠিৰ একেটা অংশতে বিষ হৈছে। বিষটো আগতকৈ বেছি। ৰঞ্জী ফাইনেলৰ পঞ্চম দিনা ফিল্ডিং কৰাৰ সম্ভাৱনা কম। আই পি এলৰ আৰম্ভণিতে তেওঁ হয়তো কেইখনমান মেচত খেলিব নোৱাৰে।’
শ্ৰেয়াছে এই ছিজনত মুম্বাইৰ হৈ দুখন মেচ খেলিব নোৱাৰিলে। ৩০-৪০ মিনিট বেটিং কৰাৰ পিছত তেওঁৰ পিঠিত বিষ হয়। সূত্ৰটোৱে লগতে কয় যে শেহতীয়াকৈ ইংলেণ্ডৰ শৃংখলাৰ সময়ত তেওঁ দল পৰিচালনা সমিতিক জনাইছিল যে পুৰণি আঘাতে তেওঁক পুনৰ আমনি কৰিছে।
অৱশ্যে এই ঘটনাৰ পিছতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী চিকিৎসক নীতিন পেটেলে কয় যে শ্ৰেয়াছ সম্পূৰ্ণ ফিট। ঘৰুৱা ক্ৰিকেট খেলিব নোৱাৰাৰ বাবে কেন্দ্ৰীয় চুক্তিৰ পৰা বাহিৰ হ’ল শ্ৰেয়াছ। ৰঞ্জী ফাইনেল খেলাৰ সময়ত পুনৰ আঘাতপ্ৰাপ্ত হয় তেওঁ।