বলিউডৰ প্ৰবীন অভিনেতা অমিতাভ বচ্চনক আজি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । শুকুৰবাৰে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত অভিনেতাগৰাকীৰ এঞ্জিওপ্লাষ্টি কৰা হৈছিল বুলি জানিব পৰা গৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শুকুৰবাৰে পুৱা ৬ বজাত কান্ধৰ সমস্যাৰ বাবে মুম্বাইৰ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় ৮১ বছৰীয়া অভিনেতাগৰাকীক।
অভিনেতাজনৰ শাৰীৰিক অসুস্থতাক আৰম্ভণিৰে পৰাই গোপন কৰি ৰখা হৈছিল। অভিনেতাগৰাকীয়ে শুকুৰবাৰে এক্স (পূৰ্বৰ টুইটাৰ)তো এটা পোষ্ট কৰে। তেওঁ লিখিছে, “মই চিৰকৃতজ্ঞ।”কিন্তু তেওঁ কিয় এই কথা লিখিলে অনুৰাগীসকলক কৌতুহলী কৰি তুলিছে। অৱশ্যে বচ্চন পৰিয়ালে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনোধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই ৷
যোৱা বছৰৰ মাৰ্চ মাহত হায়দৰাবাদত ‘প্ৰজেক্ট কে’ৰ শ্বুটিং কৰি থকা অৱস্থাত অমিতাভ গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পিছত চিকিৎসকৰ পৰামৰ্শ মতে অভিনেতাজনে কেইমাহমান জিৰণি লয়। অভিনেতা গৰাকীৰ অসুস্থতাৰ খবৰে অনুৰাগীসকলক ব্যথিত কৰি তুলিছে ৷ সকলোৱে অভিনেতা গৰাকীৰ সুস্বাস্থ্য কামনা কৰিছে ৷