ঘোষণাৰ পিছৰে পৰা ‘ডন ৩’ ছবিখনে চৰ্চা লাভ কৰিছে। শ্বাহৰুখৰ সলনি ৰণবীৰ সিঙে এই ছবিখনত ডনৰ চৰিত্ৰত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। এই ছবিখনক লৈ অনুৰাগীসকলে আৰম্ভণিৰে পৰাই ক্ষোভ প্ৰকাশ কৰিছিল। কিন্তু নিৰ্মাতাসকলে কোনো নেতিবাচক মন্তব্যৰ প্ৰতি গুৰুত্ব দিবলৈ অনিচ্ছুক। কাৰণ, তেওঁলোকে ইতিমধ্যে ছবিখনৰ নায়িকা হিচাপে ঘোষণা কৰিছে কিয়াৰা আদবানীক। সূত্ৰ অনুসৰি ছবিখনত আৰু এগৰাকী নায়িকা আছে।
২০০৬ চনত শ্বাহৰুখ খান অভিনীত প্ৰথমখন ‘ডন’ মুক্তি পায়। ছবিখনত প্ৰিয়ংকা চোপ্ৰাই ৰোমাৰ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে, কৰীনা কাপুৰ খানে কেমিঅ’ চৰিত্ৰত অভিনয় কৰিছিল। অমিতাভ বচ্চন অভিনীত ‘ডন’ ১৯৭৮ চনত মুক্তি লাভ কৰিছিল। এই ছবিখনৰ ‘য়ে মেৰা দিল’ গীতটোত অমিতাভৰ সৈতে হেলেনক দৰ্শকে দেখিছিল। শ্বাহৰুখৰ ছবিখনত কৰীনাই হেলেনৰ চৰিত্ৰত অভিনয় কৰিছে। এই গীতটোত কৰীনাৰ বাদশ্বাহৰ সৈতে সমীকৰণৰ দর্শকে প্ৰশংসা কৰিছিল ৷ সূত্ৰ অনুসৰি ফাৰহানে ‘ডন ৩’ ছবিখনত কৰীনাৰ দৰে চৰিত্ৰ এটা লোৱাৰ পৰিকল্পনা কৰিছে। আৰু এই চৰিত্ৰৰ বাবে জাহ্নৱী কাপুৰক অফাৰ দিয়া হৈছে।
শেহতীয়াকৈ ফাৰহানৰ অফিচৰ বাহিৰত জাহ্নবীক দেখা গৈছিল । শুনা যায় যে আগৰ দৰেই নিৰ্মাতাসকলে ছবিখনত এটা বিশেষ গীতৰ পৰিকল্পনা কৰিছে আৰু তেওঁলোকে জাহ্নবীক এই চৰিত্ৰৰ বাবে বাছি লৈছে। নিৰ্মাতাসকলে এই সন্দৰ্ভত অতি সোনকালে ঘোষণা কৰিবলৈ ওলাইছে। এতিয়া হেলেন আৰু কৰীনাৰ পিছত জাহ্নবীয়ে দৰ্শকৰ আশা পূৰণ কৰিব পাৰিব নে নোৱাৰে সেয়া সময়ে ক’ব।