আগন্তুক আই পি এলত দিল্লী কেপিটেলছক কোনে নেতৃত্ব দিব সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। যোৱা বছৰ ঋষভ পণ্টৰ অনুপস্থিতিত ডেভিদ ৱাৰ্নাৰে অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এইবাৰ দললৈ উভতি আহিল পণ্ট । অৱশ্যে নেতৃত্বক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আই পি এল আৰম্ভ হোৱাৰ তিনিদিন পূৰ্বে সৌৰভ গাংগুলীৰ দিল্লীয়ে সেই প্ৰশ্নৰ উত্তৰ দিলে । এইবাৰ দললৈ উভতি আহিলেও পণ্টক চিনাকি ছন্দত দেখা পাব নে নাই কিছু সন্দেহ আছে। এই পৰিস্থিতিত ডাঙৰ প্ৰশ্ন আছিল আই পি এলত দিল্লীক কোনে নেতৃত্ব দিব। সেই প্ৰশ্নৰ উত্তৰ মঙলবাৰে দিলে আই পি এলৰ দিল্লী ফ্ৰেঞ্চাইজিয়ে।
সৌৰভৰ দলটোৱে ঘোষণা কৰিছে যে দিল্লীৰ অধিনায়কগৰাকীয়ে আগন্তুক আই পি এলত ২৬ বছৰীয়া উইকেটকীপাৰ বেটছমেন হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ দিল্লী কৰ্তৃপক্ষই পুনৰ নেতৃত্বৰ দায়িত্ব পণ্টক গতাই দিলে। দলটোৰ অন্যতম অংশীদাৰ পাৰ্থ জিন্দালে কয়, ‘পণ্টক অধিনায়ক হিচাপে পুনৰ আদৰণি জনাই আমি আনন্দিত হৈছো। পণ্ট নিৰ্ভীক ক্ৰিকেটৰ প্ৰতীক। সুস্থ হোৱাৰ সময়তো পণ্টে নিজৰ ভাবমূৰ্তি বজাই ৰাখিছিল। দলৰ সৈতে খেলপথাৰত তেওঁক দেখিবলৈ ৰৈ থাকিব নোৱাৰিলোঁ। জীৱনৰ এটা কঠিন সময়তো কঠোৰ পৰিশ্ৰম কৰিছিল। মোৰ কোনো সন্দেহ নাই, তেওঁৰ সতীৰ্থসকলে তেওঁৰ পৰা বহুখিনি অনুপ্ৰাণিত হ’ব। নতুন ছিজনত সকলোৱে নতুন ধৰণে জপিয়াই পৰিব। অধিনায়ক পণ্ট আৰু তেওঁৰ দললৈ সকলোৰে শুভেচ্ছা থাকিল।“
২০২০ বৰ্ষৰ ছিজনত দিল্লীৰ অধিনায়ক হিচাপে আছিল শ্ৰেয়াছ আয়াৰ। ২০২১ আৰু ২০২২ ছিজনত দিল্লীৰ নেতৃত্ব দিছিল পণ্টে। দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ এবছৰতকৈও অধিক সময় খেলপথাৰৰ পৰা আঁতৰি আছিল তেওঁ । সেই পৰিস্থিতিতেই যোৱা বছৰ আই পি এলত দিল্লীৰ অধিনায়ক হৈছিল অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেন ৱাৰ্নাৰে।