বৃহস্পতিবাৰে ছৌদি আৰৱত আফগানিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ কোৱালিফায়াৰত খেলিব ভাৰতে ৷ একাধিক ফুটবলাৰৰ অবিহনে দুৰ্বল আফগানিস্তানক পৰাস্ত কৰি তিনি পইণ্ট লাভ কৰাৰ লক্ষ্য লৈছে সুনীল ছেত্ৰীয়ে। প্ৰথমবাৰৰ বাবে তৃতীয় ৰাউণ্ডৰ যোগ্যতা অৰ্জনৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে।
আফগানিস্তানৰ বিৰুদ্ধে একেৰাহে দুখন খেল খেলিব ভাৰতে। দ্বিতীয় পৰ্যায়ৰ বাবে গুৱাহাটীত অহা ২৬ মাৰ্চত পৰৱর্তী খেল খেলিব । দুখন মেচৰ পৰা সম্পূৰ্ণ পইণ্ট বিচাৰিছে ভাৰতে। প্ৰতিদ্বন্দ্বী আফগানিস্তানৰ ১৮ গৰাকী ফুটবলাৰে দেশখনৰ ফুটবল সংস্থাক আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি খেল বৰ্জন কৰিছে। দুয়োখন মেচতে তেওঁলোক উপলব্ধ নহ’বও পাৰে। জোহিব ইছলাম আমিৰি, ওমিদ মুছাৱী আৰু বালাল আৰেজুৰ দৰে ফুটবলাৰ থকাৰ পিছতো এই আফগানিস্তানখন অতি দুৰ্বল।
আনহাতে, জেকচন সিং, আনোৱাৰ আলী দললৈ ঘূৰি অহাৰ লগে লগে ভাৰতে আত্মবিশ্বাস লাভ কৰিছে । আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ ফলাফল ভাল। অৱশ্যে সুনীল ছেত্ৰীয়ে জানে যে আফগানসকলৰ শেষ মুহূৰ্তলৈকে যুঁজ দিয়াৰ ক্ষমতা আছে। বৰ্তমান ভাৰত ২ খন খেলৰ পৰা ৩ পইণ্ট লাভ কৰি গ্ৰুপত তৃতীয় স্থানত আছে। কুৱেইটৰ সৈতে গ’লৰ পাৰ্থক্যত পিছ পৰি আছে। দুখন মেচত আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিলে তৃতীয় ৰাউণ্ডৰ পৰা বহু আগবাঢ়ি যাব পাৰে।