আৰু কেইঘণ্টামানৰ অপেক্ষা ৷শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হ’ব আই পি এলৰ উদ্বোধনী মেচ ৷ প্ৰথমখন খেলত যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখামুখি হ’ব। তাৰ আগতে অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। এম এ চিদাম্বৰম ষ্টেডিয়ামৰ মঞ্চত দেখা যাব বলীউডৰ বহু তাৰকা।
প্ৰতি বছৰৰ দৰেই আই পি এলৰ মুকলি অনুষ্ঠান ক্ৰিকেট প্ৰেমীসকলৰ বাবে এক অতিৰিক্ত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বলৈ গৈ আছে। মঞ্চত দেখা যাব বলীউডৰ তাৰকাক। এইবাৰো ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ বিষয়াসকলে মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ পূৰ্বে এই কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কৰ্তৃপক্ষই শিল্পীসকলৰ নামো ঘোষণা কৰিছে। শুকুৰবাৰে মুকলি অনুষ্ঠানত উপস্থিত থাকিব এ আৰ ৰহমান, চনু নিগম, অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফ। গীতৰ লগতে নৃত্যৰ অনুষ্ঠানো থাকিব। মুঠতে এঘণ্টীয়া অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে।
মুকলি অনুষ্ঠানৰ পিছত টছ অনুষ্ঠিত হ’ব। প্ৰথম দিনাৰ নাটক নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব। বাকী আই পি এলৰ খেলসমূহ ৩.৩০ বজাত আৰু ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব। প্রতিযোগিতাৰ প্রথমখন খেলৰ আৰম্ভণিৰ সময় সামান্য পলমকৈ ৰখা হৈছে প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ বাবে৷ ২৩ মাৰ্চ শনিবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰথমখন খেল। ইডেন গাৰ্ডেনত শ্ৰেয়াছ আয়াৰৰ দলে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব।