আই পি এলৰ দ্বিতীয়খন মেচত আজি দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছ মুখামুখি হ’ব। কোনো এটা দলেই আজিলৈকে আই পি এলৰ চেম্পিয়ন হ’ব পৰা নাই। স্বাভাৱিকতে ঋষভ পন্ট আৰু শিখৰ ধাৱানে এইবাৰ ট্ৰফী জয়ৰ চেষ্টা কৰিব। মোহালিৰ নতুন মহাৰাজা যাদবেন্দ্ৰ সিং ক্ৰিকেট ষ্টেডিয়ামত এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল খেলিব দুয়োটা দলে। অজ্ঞাত ২২ গজৰ বাবে দুয়োটা শিবিৰকে চিন্তিত কৰি তুলিছে ৷
খেলখনৰ প্ৰাকক্ষণত প্ৰশিক্ষক ৰিকি পণ্টিঙে কয় –“আমি আই পি এলৰ এক ৰোমাঞ্চকৰ ছিজন আৰম্ভ কৰিবলৈ ওলাইছো। অধিনায়কজন দললৈ ঘূৰি অহাত অধিক ৰোমাঞ্চকৰ হৈ পৰিছে। ঋষভ পন্ট আমাৰ দলৰ অধিনায়ক। আৰু দিল্লী ফ্ৰেঞ্চাইজিৰ হৃদস্পন্দন। নিঃসন্দেহে পণ্টৰ প্ৰত্যাৱৰ্তনে আমাৰ দলটোক বহুত শক্তিশালী কৰি তুলিব।”
সৌৰভৰ দলৰ প্ৰশিক্ষকও দলৰ প্ৰস্তুতিত সন্তুষ্ট। অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়কগৰাকীয়ে কয়, ‘পাঞ্জাৱলৈ অহাৰ আগতে আমাৰ বিশাখাপট্টনমত এসপ্তাহজোৰা প্ৰস্তুতি শিবিৰ আছিল।পণ্ট খেলপথাৰ দখল কৰিবলৈ সম্পূৰ্ণ সাজু। “পণ্টিঙে কয় যে দলৰ সকলোৱে ভাল ফৰ্মত আছে আৰু আত্মবিশ্বাসী। দলটোত আছে পৃথ্বী শ্ব’, ডেভিদ ৱাৰ্নাৰ, হেৰী ব্ৰুক, চাই হোপ, অক্ষৰ পেটেল, কুলদীপ যাদৱৰ দৰে ক্ৰিকেটাৰ।
আনহাতে, ঘৰুৱা ক্ষেত্ৰত জয়ৰে আৰম্ভণি কৰিবলৈ পঞ্জাবেও প্ৰস্তুতি চলাইছে ৷ ২০১৪ চনত প্ৰীতি জিন্তাৰ দলটোৱে মাত্ৰ এবাৰহে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে ১৫ মাহৰ পাছত খেলপথাৰলৈ ঘূৰি অহা পণ্টৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব ৷