দেওবাৰে খোলা থাকিব বেংক! শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে গাইডলাইন জাৰি কৰি এই সিদ্ধান্ত ঘোষণা কৰিছে। আৰ বি আইয়ে প্ৰকাশ কৰা অনুসৰি মাৰ্চ মাহৰ শেষৰ দেওবাৰে বেংক খোলা থাকিব লাগিব। সেইদিনা কোনবোৰ বেংক খোলা হ’ব তাৰ তালিকাও প্ৰকাশ কৰিছে আৰ বি আইয়ে। পাঁচ বছৰৰ আগতে ২০১৯ চনৰ ৩১ মাৰ্চ দেওবাৰে বেংক খোলা আছিল।
আৰ বি আইয়ে অধিসূচনাযোগে অৱগত কৰিছে যে অহা ৩১ মাৰ্চত দেশৰ একাংশ বেংক শাখা খোলা থাকিব। এতিয়া প্ৰশ্ন হয়, সেইদিনা সকলো বেংক খোলা থাকিবনে? অধিসূচনা অনুসৰি চৰকাৰী লেনদেন কৰা বেংকৰ শাখাসমূহহে খোলা থাকিব। অৰ্থাৎ আৰ বি আইয়ে এজেন্সী বেংকসমূহ খোলা ৰাখিবলৈ নির্দেশ দিছে ৷
এজেন্সী বেংক কি? চৰকাৰৰ এজেন্ট হিচাপে কাম কৰা বাণিজ্যিক বেংকক এজেন্সী বেংক বোলা হয়। সেই বেংকবোৰ চৰকাৰী কামৰ বাবে আৰ বি আইৰ অনুমোদন লাভ কৰিছে । এই এজেন্সী বেংকসমূহে চৰকাৰৰ হৈ বিভিন্ন কাম কৰে। আৰ বি আইৰ তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষৰ শেষ হোৱাৰ পূৰ্বে সকলো চৰকাৰী লেনদেন সম্পূৰ্ণ হ’ব পৰাকৈ ৩১ মাৰ্চত বেংক খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। দেওবাৰে নিৰ্ধাৰিত সময় অনুসৰি আৰম্ভ হ’ব বেংক। আন খোলা দিনৰ দিনৰ দৰে নির্ধাৰিত সময়ত বেংকসমূহ বন্ধ হ’ব ।
কোনবোৰ বেংক খোলা থাকিব তাৰ তালিকাও আৰ বি আইয়ে প্ৰকাশ কৰিছে । ভাৰতত ৩৩ টা এজেন্সী বেংক আছে। সেই তালিকাত থকা বেংকসমূহ হ’ল — বেংক অৱ বৰোদা, বেংক অৱ ইণ্ডিয়া, বেংক অৱ মহাৰাষ্ট্ৰ, কানাৰা বেংক, ইণ্ডিয়ান বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, ইণ্ডিয়ান অভাৰচিজ বেংক, পঞ্জাব আৰু সিণ্ড বেংক, পঞ্জাব নেচনেল বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া।
চৰকাৰী বেংকৰ উপৰিও কিছুমান ব্যক্তিগত বেংকো এজেন্সী বেংকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। সেইবোৰ হ’ল- এক্সিছ বেংক লিমিটেড, চিটি ইউনিয়ন বেংক লিমিটেড, ডিচিবি বেংক লিমিটেড, ফেডাৰেল বেংক লিমিটেড, এইচডিএফচি বেংক লিমিটেড, আইচিআইচিআই বেংক লিমিটেড, আইডিবিআই বেংক লিমিটেড, আইডিএফচি ফাৰ্ষ্ট বেংক লিমিটেড, ইণ্ডাছইণ্ড বেংক লিমিটেড, জম্মু আৰু কাশ্মীৰ বেংক লিমিটেড, কৰ্ণাটক বেংক লিমিটেড , কৰুৰ বৈশ্য বেংক লিমিটেড, কোটক মহিন্দ্ৰা বেংক লিমিটেড, আৰ বি এল বেংক লিমিটেড, চাউথ ইণ্ডিয়ান বেংক লিমিটেড, য়েছ বেংক লিমিটেড, ধনলক্ষ্মী বেংক লিমিটেড, বন্ধন বেংক লিমিটেড, চি এছ বি বেংক লিমিটেড, তামিলনাডু মাৰ্কেন্টাইল বেংক লিমিটেড। ইয়াৰ উপৰিও এই তালিকাত ডি বি এছ বেংক ইণ্ডিয়া লিমিটেড নামৰ বিদেশী বেংক এটাও আছে।
৩১ মাৰ্চত তালিকাভুক্ত বেংকৰ সকলো শাখা খোলা হ’বনে? কোনবোৰ শাখা খোলা হ’ব সেয়া বেংক কৰ্তৃপক্ষই সিদ্ধান্ত ল’ব বুলি আৰ বি আইয়ে কৈছে। অৱশ্যে কোনবোৰ শাখা খোলা ৰখা হ’ব সেই কথা বিজ্ঞাপনৰ জৰিয়তে সংশ্লিষ্ট বেংকক অৱগত কৰিব লাগিব ।