আজি গুজৰাট টাইটানছৰ বিৰুদ্ধে আই পি এলৰ অভিযান আৰম্ভ কৰিব হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ।হাৰ্দিকে দল এৰি যোৱাৰ লগে লগে গুজৰাটে অধিনায়কত্বৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বাহিৰৰ পৰা কোনো ক্ৰিকেটাৰ ক্ৰয় কৰাৰ পৰিৱর্তে মেনেজমেণ্টে দলটোৰ যুৱ অ’পেনাৰ শুভমন গিলৰ ওপৰত নিৰ্ভৰ কৰিছিল। শুভমনক কেপ্তেইন কৰি তেওঁলোকে ভৱিষ্যতৰ বাবে এটা বাৰ্তা দিয়ে। প্ৰথমখন মেচত তেওঁৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান। তদুপৰি হাৰ্দিকক শুভমনে প্ৰত্যুত্তৰ দিয়াৰ সুযোগ লাভ কৰিছে।
কিন্তু গুজৰাটৰ বাবে এই যুঁজখন সহজ নহ’ব৷ যোৱা দুবছৰ ধৰি এই দলটোক ভালদৰে চিনি পোৱা এজন অধিনায়ক আছিল। দলৰ অধিকাংশ ক্ৰিকেটাৰে নিজৰ শক্তি আৰু দুৰ্বলতা জানে। গতিকে হার্দিকৰ বাবে পৰিকল্পনা কৰাটো সহজ হ’ব। সেই পৰিকল্পনা কাৰ্যকৰী হ’লে আহমেদাবাদত হেঁচা পৰিব।
যদিও অধিনায়ক সলনি হৈছে, তথাপিও দুয়োটা দলৰ বাকী সদস্যবোৰ প্ৰায় একেই। ৰোহিত, হাৰ্দিকৰ উপৰিও মুম্বাই দলত ঈশান কিষান, তিলক বাৰ্মা, টিম ডেভিদ, যশপ্ৰীত বুমৰাহৰ দৰে প্ৰবীণ খেলুৱৈ থকাৰ বিপৰীতে গুজৰাটত আছে ঋদ্ধিমান সাহা, ছাই সুদৰ্শন, ডেভিদ মিলাৰ, বিজয় শংকৰ, ৰাহুল টেওটিয়া, ৰছিদ খান, কেন উইলিয়ামছন, মেথিউ ৱাড।
মুম্বাই-গুজৰাটৰ বাহিৰেও দেওবাৰে আৰু এখন মেচ অনুষ্ঠিত হ’ব । ৰাজস্থান ৰয়েলছ বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। দেওবাৰে বিয়লি ৩:৩০ বজাৰ পৰা আৰম্ভ হ’ব ৰাজস্থান-লক্ষ্ণৌৰ খেলখন। সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব মুম্বাই-গুজৰাটৰ খেলখন।