দুৰ্ঘটনাৰ পৰা সুস্থ হৈ উঠাৰ পিছত খেলপথাৰলৈ উভতি আহি অৰ্ধশতক অৰ্জন কৰে পণ্টে। আই পি এলত ৯০৩ দিনৰ অন্তত তেওঁৰ অর্জন কৰিলে ৫০ ৰান। তাৰ পিছতো শাস্তিৰ সন্মুখত হ’ল পণ্ট ৷
দেওবাৰে বিশাখাপট্টনমত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে দিল্লীৰ খেল অনুষ্ঠিত হয়। চেন্নাইৰ ইনিংছত লেহেমীয়া বলিং কৰাৰ বাবে পণ্টক এই জৰিমনা বিহা হয়। তেওঁক ১২ লাখ টকা জৰিমনা বিহা হৈছে। আই পি এলৰ এক বিবৃতিত কয় যে পণ্টৰ দলটোৱে এই ভুলটো প্ৰথমবাৰৰ বাবে কৰিছে। আই পি এলৰ নিয়ম অনুসৰি লেহেমীয়া বলত শাস্তি দিয়া হয়। সেই নিয়ম অনুসৰি পণ্টক ১২ লাখ টকা জৰিমনা বিহা হৈছে।
আই পি এলত প্ৰতিটো ইনিংছ শেষ হ’বলৈ এটা নিৰ্দিষ্ট সময় থাকে। সেই সময়ৰ ভিতৰত ২০ অভাৰ শেষ নকৰিলে পেনাল্টি দিব লাগে। লগতে অধিনায়কজনক জৰিমনা বিহা হয়। যদি এই ভুলটো এটাতকৈ অধিক মেচত হয় তেন্তে পেনাল্টিৰ পৰিমাণ বৃদ্ধি পায়।
আৰ্থিক জৰিমনা বিহা সত্ত্বেও বৰ্তমানৰ আই পি এলত দিল্লীৰ প্ৰথমটো জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল পণ্টে। প্ৰথমে বেটিং কৰি দিল্লীয়ে ৫টা উইকেট হেৰুৱাই ২০ অভাৰত ১৯১ ৰান সংগ্ৰহ কৰে। পণ্টে নিজেই ৩২টা বলত ৫১ ৰানৰ ইনিংছ খেলিছিল। ডেভিদ ৱাৰ্নাৰে ৩৫টা বলত ৫২ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত চেন্নাই ছুপাৰ কিংছে ৬ উইকেটত ১৭১ ৰানত ইনিংছ সমাপ্ত কৰে। শেষত মহেন্দ্ৰ সিং ধোনীয়ে ১৬টা বলত ৩৭ ৰানৰ ইনিংছ খেলিও দলটো জয় কৰিব নোৱাৰিলে। দিল্লীয়ে ২০ ৰানত জয়লাভ কৰে।