আই পি এলত দীনেশ কাৰ্তিকৰ অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই। অৱশ্যে এই নজিৰ গৌৰৱৰ বিষয় নহয়। সোমবাৰে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে শূন্য ৰাণত আউট হৈ ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে এক লজ্জাজনক অভিলেখহে গঢ়িলে ৷
আই পি এলৰ ইতিহাসত সৰ্বাধিকবাৰ শূণ্যত ৰান আউট হোৱাৰ অভিলেখ গঢ়িলে ৰোহিতে। আই পি এলত ১৭ সংখ্যক বাৰৰ বাবে কালি তেওঁ শূণ্য ৰাণত আউট হ’ল ৰোহিত। আই পি এলত ১৭ বাৰ কোনো ৰাণনোহোৱাকৈ আউট হৈছে কাৰ্তিক। ইয়াৰ পিছতে চাৰিজন লোকে ১৫ বাৰ শূণ্য ৰাণ কৰি আউট হৈছে । তেওঁলোক হ’ল গ্লেন মেক্সৱেল, মনদ্বীপ সিং, সুনীল নাৰিণ আৰু পীয়ুষ চাওলা।
ৱাংখেড়ে ষ্টেডিয়ামৰ প্ৰথমটো বলতে আউট হৈ ৰোহিতে ওলাই আহে। এইবাৰ ৰোহিত মুম্বাইৰ অধিনায়ক নহয়। দলটোৰ নেতৃত্বত আছে হাৰ্দিক পাণ্ডিয়াই। অৱশ্যে পাঁচবাৰৰ আই পি এল বিজয়ী অধিনায়কগৰাকীয়ে পৰ্যাপ্ত ৰান লাভ কৰিব পৰা নাই৷ ৰাজস্থানৰ ব’ল্টৰ বাহিৰেও ভাৰতীয় দলৰ পৰা বাদ পৰা যুজবেন্দ্ৰ চাহালে ভাল বলিং কৰে। দুয়োজনে ৩টাকৈ উইকেট দখল কৰে।