আধাৰ আৰু ভোটাৰ কাৰ্ডৰ সংযোগ সন্দৰ্ভত পুনৰ নিৰ্বাচন আয়োগে নিজৰ স্থিতি স্পষ্ট কৰিছে। আয়োগৰ মতে, আধাৰ কাৰ্ড স্বেচ্ছাই লিংক কৰিব পাৰিব। কিন্তু বাধ্যতামূলক নহয়। আয়োগে প্ৰেছ বিজ্ঞপ্তিটোত লগতে কয় যে আধাৰ কাৰ্ড সংযোজন নকৰিলে ভোটাৰ তালিকাৰ পৰা কাৰো নাম আঁতৰোৱা নহয়।
মঙলবাৰে আয়োগে এটা ৱেবছাইট মুকলি কৰি কিছুমান বিষয়ত সাধাৰণ ধাৰণা আৰু বিশ্বাসৰ সঠিক তথ্য প্ৰদান কৰে। দিল্লীত ‘মিথ বনাম ৰিয়েলিটি’ শীৰ্ষক ৱেবছাইটটো উদ্বোধন কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সন্ধুৱে।
নিৰ্বাচন আয়োগে জনোৱা মতে, যিকোনো ব্যক্তিয়ে ৱেবছাইটত প্ৰৱেশ কৰি প্ৰকৃত তথ্য পৰীক্ষা কৰিব পাৰিব। আয়োগে এক প্ৰেছ বিজ্ঞপ্তিযোগে দাবী কৰে যে নিৰ্বাচনী প্ৰক্ৰিয়াক “ভুল তথ্য” আৰু “উৰাবাতৰি”ৰ পৰা ৰক্ষা কৰাৰ বাবে এই পদক্ষেপ “ঐতিহাসিক”। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে প্ৰথম আধাৰ প্ৰৱৰ্তন কৰা হৈছিল ইউ পি এ চৰকাৰৰ দিনত ৷ যেতিয়া কোৱা হৈছিল যে যিসকলৰ কোনো পৰিচয় পত্ৰ নাই, মূলতঃ আধাৰ তেওঁলোকৰ বাবে পৰিচয় পত্ৰ হ’ব। কিন্তু নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত গেছ ৰাজসাহায্য, পেঞ্চন বা ৰেচনৰ দৰে চৰকাৰী সা-সুবিধা পাবলৈ আধাৰৰ সৈতে নথি-পত্ৰ লিংক কৰাটো বাধ্যতামূলক হৈ পৰাত বহু প্ৰশ্নৰ উত্থাপন হ’বলৈ আৰম্ভ কৰিছে ৷