বুধবাৰে পুৱা পূব এছিয়াৰ টাইৱান কপাঁই তোলে এটা শক্তিশালী ভূমিকম্পই ৷স্থানীয় সূত্ৰ অনুসৰি ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৪। প্ৰচণ্ড কঁপনিৰ ফলত কেইবাটাও বহুমহলীয়া অট্টালিকা এটা দিশলৈ হেলনীয়া হৈ পৰিছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে। স্থানীয় অগ্নিনিৰ্বাপক সূত্ৰৰ পৰা জানিব পৰা মতে, এই পৰ্যন্ত ৪ জন লোকৰ মৃত্যু হৈছে। আহত লোকৰ সংখ্যা ৫০ জনতকৈ অধিক। ইতিমধ্যে জাপানে জাৰি কৰিছে ছুনামীৰ সতৰ্কবাণী।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৮ বজাত টাইৱানৰ ৰাজধানী টাইপেই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ ভূমিকম্পই জোকাৰি যায়। ইউ এছ জি এছৰ তথ্য অনুসৰি ভূমিকম্পৰ উৎস দক্ষিণ টাইৱানৰ হুয়ালিয়ান চহৰৰ পৰা ১৮ কিলোমিটাৰ দূৰত্বত মাটিৰ তলৰ ৩৪.৮ কিলোমিটাৰ গভীৰতাত আছিল।
উচ্চ মাত্ৰাৰ কঁপনিৰ বাবে স্থানীয় বাসিন্দাসকল আতংকিত হৈ ঘৰ এৰি ৰাজপথলৈ ওলাই আহে। ভূমিকম্পৰ ফলত সমগ্ৰ মহানগৰীখনতে ব্যাপক ক্ষতিসাধন হয়। স্থানীয় সংবাদ সংস্থাসমূহৰ মতে, ওখ অট্টালিকাসমূহ এটা দিশলৈ হেলনীয়া হৈ যায় ৷ভূমিকম্পৰ ফলত জাপানৰ বতৰ বিজ্ঞান সংস্থাই জাপানৰ দক্ষিণ দ্বীপসমূহৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰে। জাপানৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি সমুদ্ৰপৃষ্ঠৰ পৰা তিনি মিটাৰ ওপৰলৈ পানী পৰিব পাৰে। ইতিমধ্যে জাপানৰ অকিনাৱা দ্বীপ আৰু অন্যান্য দ্বীপসমূহৰ বাসিন্দাসকলক খালী কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰশাসনে মোতায়েন কৰিছে এক বিশেষ উদ্ধাৰকাৰী দল। অকিনাৱাৰ নাহা বিমানবন্দৰৰ ছুনামীৰ পূৰ্বাভাসৰ বাবে প্ৰশাসনে বিমান সেৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। জাপানৰ কাষতে ফিলিপাইনছতো চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
স্থানীয় সূত্ৰৰ মতে, প্ৰায় ২৫ বছৰৰ পাছত টাইৱানত এনে প্ৰবল ভূমিকম্প সংঘটিত হৈছে। ইয়াৰ আগতে ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত টাইৱানত ভূমিকম্পৰ ফলত ২৪০০ লোকৰ মৃত্যু হৈছিল। এই কম্পনৰ তীব্ৰতা আছিল ৭.৬।