এইবাৰৰ আই পি এলত ২২খন খেল অনুষ্ঠিত হৈছে। টেলিভিছনত ষ্টাৰ স্প’ৰ্টছৰ উপৰিও ডিজিটেল মাধ্যমৰ জৰিয়তে জিঅ’ চিনেমা এপতো এই মেচ প্ৰদৰ্শন কৰা হৈছে ৷ এই ২২খন মেচৰ ভিতৰত কোনখন মেচত ডিজিটেল মিডিয়াত সৰ্বাধিক দৰ্শক লাভ কৰিছে ৷
শীৰ্ষ ৮ খন মেচ দৰ্শকৰ সংখ্যা অনুসৰি—
১) বেংগালুৰু বনাম চেন্নাই – আই পি এলৰ প্ৰথমখন খেলত আৰ চি বি আৰু চি এছ কেৰ মুখামুখি হয়। বিৰাট কোহলী বনাম মহেন্দ্ৰ সিং ধোনীৰ খেলখন আছিল সৰ্বাধিক দর্শক। এই সংখ্যা ৩৮ কোটি। সেই মেচত চেন্নাইয়ে বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে।
২) হায়দৰাবাদ বনাম মুম্বাই – এই মেচত সৰ্বাধিক ৰান সংগ্ৰহ হৈছে । প্ৰথমে বেটিং কৰি হায়দৰাবাদে ২৭৭ ৰান সংগ্ৰহ কৰে, যিটো আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান। মুম্বাইয়ে ২৪৬ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদে ৩১ ৰানত জয়লাভ কৰে। ২৮.৪ নিযুত দৰ্শকে এই মেচখন চাইছিল।
৩) চেন্নাই বনাম গুজৰাট – চেন্নাইও তালিকাত তৃতীয় স্থানত আছে। এই খেলখনত ধোনীয়ে গুজৰাটক ৬৩ ৰানত পৰাস্ত কৰে। ২৫ কোটি ২০ লাখ দৰ্শকে চাইছিল জিঅ’ চিনেমাত খেলখন।
৪) বেংগালুৰু বনাম পঞ্জাৱ – কোহলীৰ খেলখনো বহু দৰ্শকে চাইছিল। চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত বেংগালুৰুৱে পঞ্জাৱক ৪ উইকেটত পৰাস্ত কৰে। ২৪ কোটি দৰ্শকে চাইছিল খেলখন।
৫) চেন্নাই বনাম দিল্লী – ধোনী বনাম ঋষভ পন্তৰ খেলখনো ২৪ কোটি দৰ্শকে চাইছিল। বিশাখাপট্টনমত অনুষ্ঠিত এই খেলখনত দিল্লীয়ে চেন্নাইক ২০ ৰানত পৰাস্ত কৰে। এইবাৰ আই পি এলত দিল্লীৰ প্ৰথম জয়।
৬) বেংগালুৰু বনাম ৰাজস্থান এই খেলখনত ৰাজস্থানে বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে। কোহলীয়ে শতক অৰ্জন কৰে। ৰাজস্থানৰ জোছ বাটলাৰে শতক অৰ্জন কৰে। ২৩ কোটি দৰ্শকে এই খেলখন চাইছিল।
৭) বেংগালুৰু বনাম লক্ষ্ণৌ- ঘৰুৱা খেলপথাৰত এই খেলখনত লক্ষ্ণৌৱে কোহলীক ২৮ ৰানত পৰাস্ত কৰে। ডিজিটেল মাধ্যমৰ জৰিয়তে ২২ কোটি ২৫ লাখ দৰ্শকে খেলখন চাইছিল।
৮) বেংগালুৰু বনাম কলকাতা – কলকাতাৰ প্ৰথম আঠত মাত্ৰ এখন মেচ অনুষ্ঠিত হৈছিল । ঘৰুৱা খেলপথাৰত কে কে আৰৰ হাতত পৰাস্ত হয় বেংগালুৰু। কলকাতাই ৭ উইকেটত জয়লাভ কৰে। ২১ কোটি ৮০ লাখ দৰ্শকে এই খেলখন চালে।