বিশ্ব দবাত ভাৰতে ৰছিলে ইতিহাস। ভাৰতৰ ১৭ বছৰীয়া গুকেশ ডোম্মাৰাজুৱে বিশ্ব চেম্পিয়নগক প্ৰত্যাহ্বান জনাবলৈ যোগ্যতা অৰ্জন কৰে। এই কৃতিত্ব অৰ্জন কৰা তেওঁ পৃথিৱীৰ আটাইতকৈ কম বয়সীয়া ব্যক্তি।
কানাডাৰ টৰন্টোত অনুষ্ঠিত হোৱা দবা প্ৰতিযোগিতাত জয়ী হৈ গুকেশে এই সাফল্য লাভ কৰে। ১৪ ৰাউণ্ডৰ প্ৰতিযোগিতাৰ অন্তত সোমবাৰে পুৱাৰ ভাগত ভাৰতীয় সময় অনুসৰি গুকেশক চেম্পিয়ন ঘোষণা কৰা হয় ৷তেওঁ এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত বিশ্ব চেম্পিয়ন ডিং লিৰেনক প্ৰত্যাহ্বান জনাব।
যোৱা ৰাউণ্ডত গুকেশে আমেৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ হিকাৰু নাকামুৰাৰ ড্ৰ’ কৰিছিল। ফেবিয়ানো কাৰুয়ানা আৰু ইয়ান নেপামনিয়াচিৰ মেচখন ড্ৰ’ হোৱাৰ বাবে গুকেশে খিতাপ দখল কৰিবলৈ ড্ৰ’ৰ প্ৰয়োজন হৈছিল। গুকেশ চেম্পিয়ন হোৱাৰ পিছত টৰন্টোৰ গ্ৰেট হলত সকলোৱে তেওঁক অভিনন্দন জনায়।
শনিবাৰে ভাৰতৰ তাৰকাগৰাকীয়ে ফ্ৰান্সৰ আলিৰেজা ফিৰুজাক পৰাস্ত কৰে। এই সন্দৰ্ভত কিংবদন্তি দবা খেলুৱৈ বিশ্বনাথন আনন্দই কয়, “এই ১৭ বছৰীয়া ল’ৰাটোৱে কি কৰিব পাৰে, কোনেও কল্পনা কৰিব নোৱাৰে। চূড়ান্ত ৰাউণ্ডৰ ফলাফল যিয়েই নহওক কিয়, গুকেশে যি কৰে সেয়া ভাৰতীয় দবাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিব।” চীনৰ লিৰেনক পৰাস্ত কৰিলে গুকেশ হৈ পৰিব বিশ্বৰ আটাইতকৈ কম বয়সীয়া চেম্পিয়ন। এই অভিলেখ মেগনাছ কাৰ্লচেন আৰু গেৰী কাছপাৰভৰ হাতত আছে। ২২ বছৰ বয়সত দুয়োজনেই বিশ্ব চেম্পিয়ন হৈছিল।
বিশ্বনাথন আনন্দৰ পিছত গুকেশ দবা চেম্পিয়নশ্বিপত জয়ী হোৱা দ্বিতীয় ভাৰতীয় হিচাপে পৰিগণিত হয়। আনন্দে নিজৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত লিখিছে, ‘আটাইতকৈ কম বয়সীয়া প্ৰত্যাহ্বানকাৰী গুকেশ। অভিনন্দন আনন্দ একাডেমীৰ সকলোৱে আপোনাক লৈ গৌৰৱ অনুভৱ কৰিছে।“ চেম্পিয়ন হোৱাৰ পিছত গুকেশে কয়, ‘মোৰ ভাল লাগিছে, সকাহ পাইছো। “ দবা চেম্পিয়নশ্বিপত জয়ী হোৱাৰ বাবে গুকেশে লাভ কৰে ৮৮,৫০০ ইউৰো (প্ৰায় ৭৮.৫০ লাখ টকা) পুৰস্কাৰ ধন।