দেওবাৰে অনুষ্ঠিত মেচত ২২২ ৰান সংগ্ৰহ কৰি মাত্ৰ ১ ৰানত জয়লাভ কৰে কলকাতা নাইট ৰাইডাৰ্ছে। ইডেনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে সেই জয়ত তিনিটা নজিৰ গঢ়ি তোলে । দেওবাৰে দুয়োটা দলে নজিৰ গঢ়ে ৷ মেচখন আছিল উত্তেজনাৰে ভৰা। প্ৰথমে বেটিং কৰি কলকাতাই ২২২ ৰান সংগ্ৰহ কৰি নিশ্চয়তা লাভ কৰা নাছিল। দীনেশ কাৰ্তিক নেতৃত্ব দি যুঁজখন শেষলৈ লৈ যায়। কলকাতাই শেষৰ বলত জয়লাভ কৰে।
প্ৰথম অভিলেখ
টি-২০ ক্ৰিকেটত ১০টা উইকেট হেৰুৱাই এটা দলে সৰ্বাধিক ৰান সংগ্ৰহৰ তালিকাত বেংগালুৰুৰ এই ইনিংছে শীৰ্ষস্থান দখল কৰে। দেওবাৰে ২২১ ৰান সংগ্ৰহ কৰি অল আউট হয়। সেইবাবেই কেকেআৰে ১ ৰানত জয়লাভ কৰে। কোনো দলেই ১০টা উইকেট হেৰুৱাই ইমান ৰান কৰা নাছিল ।
দ্বিতীয় অভিলেখ
সৰ্বনিম্ন ৰাণত পৰাস্ত হৈছে বেংগালুৰু। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ২ ৰানত পৰাস্ত হৈছিল। ২০১৪ চনত শ্বাৰজাহত অনুষ্ঠিত হৈছিল এই খেলখন। ১০ বছৰৰ পাছত সেই নজিৰ ভাঙিলে বেংগালুৰুৱে। অৱশ্যে আৰচিবিৰ সৰ্বনিম্ন ৰান দিয়া তালিকাত তিনিবাৰকৈ কেকেআৰৰ নাম উল্লেখ আছে। কে কে আৰৰ বিৰুদ্ধে ২০০৮ চনত ৫ ৰাণত আৰু ২০১৪ চনত আৰ চি বি ২ ৰাণত পৰাস্ত হৈছিল ২ ৰাণত। এইবাৰ ১ ৰাণত পৰাস্ত হ’ল ।
তৃতীয় অভিলেখ
আই পি এলত ইয়াৰ পূৰ্বে ইমান কম ৰানত জয়ী হোৱা নাই কে কে আৰ। ২০১৪ চনত বেংগালুৰুৰ বিৰুদ্ধে ২ ৰানত জয়লাভ কৰে। ২০২০ চনত পঞ্জাব কিংছৰ বিৰুদ্ধেও ২ ৰানত জয়লাভ কৰিছিল কলকাতাই। ইয়াৰ পূৰ্বে কেকেআৰে এবাৰ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে ৪ ৰানত জয়লাভ কৰিছিল। সেই মেচখনো ইডেনত অনুষ্ঠিত হৈছিল।