আজি ‘ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ ওপজা দিন ৷ আজি তেওঁ উদযাপন কৰিছে ৫১ সংখ্যক জন্মদিন ৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মেচত অসংখ্য অভিলেখেৰে এই গৰাকী মহান ক্ৰিকেটাৰে ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিখিবলৈ সক্ষম হৈছে ৷ অৱশ্যে শচীন তেণ্ডুলকাৰৰ বহু অভিলেখ আন ক্ৰিকেটাৰে ভংগ কৰাও পৰিলক্ষিত হৈছে ৷ তৎসত্বেও এনে বহু অভিলেখ এতিয়াও অক্ষুন্ন আছে ,যিসমূহ কোনেও ভংগ কৰিব পৰা নাই ৷ তেনে কেইটামান আন্তঃৰাষ্ট্ৰীয় অভিলেখ তলত উল্লেখ কৰা হৈছে ৷
১) সর্বাধিক আন্তঃৰাষ্ট্ৰীয় ৰাণ (৩৪৩৫৭)
২) সর্বাধিক আন্তঃৰাষ্ট্ৰীয় শতক(১০০)
৩)সর্বাধিক প্লেয়াৰ অৱ দ্যা মেচৰ সন্মান(৭৬)
৪) এটা কেলেণ্ডাৰ বর্ষতে সর্বাধিক শতক (৯)
৫) এদিনীয়া ক্ৰিকেটত এটা কেলেণ্ডাৰ বর্ষত সর্বাধিক ৰাণ(১৮৯৪)
৬)সর্বাধিক টেষ্ট ৰাণ(১৫৯২১)
৭)সর্বাধিক ওডিআই ৰাণ(১৮৪২৬)
৮)সর্বাধিক টেষ্ট শতক(৫১)
৯)সর্বাধিক টেষ্ট মেচত উপস্থিতি (২০০)