আদিত্য ৰায় কাপুৰৰ সৈতে অনন্যা পাণ্ডেৰ ৰোমাঞ্চৰ উৰাবাতৰি সকলোতে বিয়পি পৰিছে। প্ৰেমৰ কথা মুকলিকৈ নকলেও দুয়োকে বেলেগ বেলেগ ঠাইত একেলগে দেখা গৈছিল ৷ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ ফেশ্বন শ্ব’ত প্ৰথমবাৰৰ বাবে একেলগে ৰেম্পত খোজ কাঢ়িলে অনন্যা-আদিত্যই। শেহতীয়াকৈ দুয়োকে দেখা গৈছিল স্পেইনত ৷ ঘৰলৈ উভতি অহাৰ পিছতো একেখন গাড়ীতে বিভিন্ন অনুষ্ঠানলৈ যোৱা দেখা গৈছিল। এই মুহূৰ্তত তেওঁলোকৰ প্ৰেম কাহিনী বলীউডৰ ভিতৰত ‘মুকলি কিতাপ’ৰ দৰে। পিতৃ চাংকি পাণ্ডেই এই প্ৰেমত সন্মতি দিছে নেকি ?
আশীৰ দশকৰ অভিনেতা চাংকি। বহুত চিনেমা তেওঁ অভিনয় কৰিছে ৷ কমেডিয়ান হিচাপে পৰিচিত হ’ল চাংকি। শেহতীয়াকৈ কন্যাৰ প্ৰেম অম্পর্কীয় এক প্ৰশ্নৰ সন্মুখীন হোৱা অভিনেতাগৰাকীয়ে কয় – মোৰ ছোৱালীৰ বয়স ২৫ বছৰ। এই বয়সত তেওঁ মোতকৈ বহু বেছি টকা উপাৰ্জন কৰে। তেওঁ মুক্ত, তেওঁ যি বিচাৰে তাকে কৰিব পাৰে। মই তেওঁক নির্দেশ দিব পৰা মানুহ নহয়। সকলোতে এনে ঘটে, হলিউডতো দেখা পাওঁ। ইয়াত কোনো বেয়া নাই ৷
যেতিয়াই অনন্যাৰ প্ৰেম জীৱনক লৈ প্ৰশ্ন উত্থাপন হয় তেতিয়াই চাংকিয়ে সদায় কন্যাৰ হৈ মাত মাতে। তেওঁ বাৰে বাৰে বুজাই দিছে যে কন্যাৰ ওপৰত তেওঁৰ আস্থা আছে।