ছয়খন খেলত ধাৰাবাহিকভাৱে পৰাজয়ৰ অন্তত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰে। বিৰাট কোহলীয়ে ৪৩টা বলত ৫১ ৰানৰ ইনিংছ খেলি অ’পেন কৰিবলৈ সক্ষম হয়। অৱশ্যে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে নিজৰ প্ৰদর্শনৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে । কোহলীৰ বেটিঙত ক্ষুব্ধ সুনীল গাভাস্কাৰ।
টি-২০ ক্ৰিকেটত উপযোগী বেটিং কৰিবলৈ সক্ষম হোৱা নাই কোহলি। এইবাৰৰ আই পি এলত তেওঁৰ বিৰুদ্ধে এনে অভিযোগ নতুন নহয়। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে আই পি এলৰ ইতিহাসত আটাইতকৈ লেহেমীয়া শতক অৰ্জন কৰে কোহলীয়ে। সেই সময়ত পাকিস্তানৰ পৰাও কোহলীক উপহাস কৰা হৈছিল। বৃহস্পতিবাৰে পেট কামিন্সৰ দলৰ বিৰুদ্ধে কোহলীৰ বেটিং দেখিও বিৰক্ত হৈ পৰিছিল গাভাস্কাৰ। হায়দৰাবাদৰ বিৰুদ্ধে কোহলীয়ে শেষৰ ২৫টা বলত এটাও চাৰি-ছয় মাৰিব পৰা নাছিল।
আই পি এলত কোহলীৰ ৫৩ সংখ্যক অৰ্ধশতক দেখাৰ পিছত গাভাস্কাৰে কয় “কোহলী ফৰ্মত থকা যেন নালাগে। ঠিক মনত নাই যদিও ৩১-৩২ ৰান কৰাৰ পিছত এটাও চাৰি-ছয় দেখা নাপালোঁ৷ অ’পেন কৰিবলৈ আহি ১৫ নং অভাৰত আউট হৈছিল। কিন্তু কোহলীৰ ষ্ট্ৰাইক ৰেট মাত্ৰ ১১৮ ! দলটোৱে তেওঁৰ পৰা এনে ইনিংছ একেবাৰেই আশা নকৰে।” গাভাস্কাৰে অনুভৱ কৰে যে বেংগালুৰু বা টি-২০ ক্ৰিকেটৰ আশা অনুসৰি কোহলীয়ে বেটিং কৰিবলৈ সক্ষম হোৱা নাই।
কেৱল গাভাস্কাৰেই নহয়, প্ৰাক্তন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ছাইমন কাটিচেও কোহলীৰ খেলক সমালোচনা কৰে। ৰজত পাটিদাৰৰ ইনিংছৰ উদাহৰণ লৈ তেওঁ কয় যে কোহলী খেলিব পৰা নাই, তাত কোনো সন্দেহ নাই। পাটিদাৰে সুন্দৰ ইনিংছ খেলিলে। গোটেই ইনিংছটোত ডাঙৰ ডাঙৰ শ্বট ল’বলৈ চেষ্টা কৰিছিল। কোহলীয়েও তেনেকৈ খেলাৰ প্ৰয়োজন আছিল। হায়দৰাবাদৰ দৰে দলৰ বিৰুদ্ধে ১২০ তকৈ কম ষ্ট্ৰাইক ৰেট যথেষ্ট নহয়। বাংগালুৰুৱে ২২০ বা তাতকৈ অধিক ৰান কৰিব পাৰিলেহেঁতেন। কোহলীৰ কাৰণে ২০৬ ৰানত সীমাৱদ্ধ হ’ল ৷
এইবাৰ আই পি এলত এতিয়ালৈকে কমলা ৰঙৰ কেপৰ দৌৰত আগবাঢ়ি আছে কোহলীয়ে। বৃহস্পতিবাৰলৈকে তেওঁ ৯খন খেলত ৪৩০ ৰান সংগ্ৰহ কৰিছে। এটি শতক আৰু তিনিটা অর্ধশতক অর্জন কৰে । কোহলীৰ গড় ৰান ৬১.৪৩। ষ্ট্ৰাইক ৰেট ১৪৫.৭৬। অৱশ্যে টি-২০ বিশ্বকাপৰ পূৰ্বে কোহলীৰ বিৰুদ্ধে লেহেমীয়া বেটিং কৰাৰ অভিযোগ বাৰে বাৰে উত্থাপিত হৈছে ৷