শুকুৰবাৰে ইডেন গাৰ্ডেনত অনুষ্ঠিত কলকাতা নাইট ৰাইডার্ছ আৰু পঞ্জাৱ কিংছৰ মাজৰ মেচখনত দুটা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় । এই মেচখনত কেইবাটাও অভিলেখৰো সৃষ্টি কৰা হৈছে। মুঠতে এই মেচখনত ইতিহাস ৰচনা কৰা হৈছিল। ক্ৰিকেট প্ৰেমীসকলে হয়তো এই মেচখন বহুদিনলৈ পাহৰিব নোৱাৰিব।চাওঁ আহকচোন কি কি অভিলেখ গঢ়িল এই মেচত ?
টি-২০ ইণ্টাৰনেশ্যনেলত সৰ্বাধিক ৰানত জয়ী
আগতে ইমান ৰানৰ লক্ষ্য অতিক্ৰম কৰি কোনো দলেই জয়ী হ’ব পৰা নাছিল। ইয়াৰ পূৰ্বে এই অভিলেখ দক্ষিণ আফ্ৰিকাৰ হাতত আছিল। ২০২৩ চনত চেঞ্চুৰিয়ানত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২৫৯ ৰানত জয়ী হৈছিল। তৃতীয় স্থানত আছে মিডলছেক্স। ২০২৩ চনত ছাৰেৰ বিৰুদ্ধে ২৫৩ ৰানত জয়ী হৈছিল।
টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত এখন মেচত সৰ্বাধিক ছয়
এই তালিকাত কেৱল আই পি এলহে আধিপত্য বিস্তাৰ কৰিছে। প্ৰথম তিনিটা স্থানত আই পি এলৰ তিনিখন মেচ আছে। এই সকলোবোৰ এই বছৰেই অনুষ্ঠিত হৈছে ৷কলকাতা-পঞ্জাৱৰ খেলখনত মুঠ ৪২টা ছয় মাৰিবলৈ সক্ষম হৈছে । দ্বিতীয় আৰু তৃতীয় স্থানত আচে হায়দৰাবাদ-মুম্বাই আৰু হায়দৰাবাদ-বেংগালুৰু মেচ। দুয়ো মেচতে ছয়ৰ সংখ্যা ৩৮ । আফগানিস্তান প্ৰিমিয়াৰ লীগত বালখ লিজেণ্ডছ বনাম কাবুল ঝৱাননৰ খেলখনে ৩৭টা ছয়ৰে চতুৰ্থ স্থানত আছে।
আই পি এলত সৰ্বাধিক ৰানত জয়
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰানত জয়ী হোৱাৰ উপৰিও আই পি এলৰ ইতিহাসতো একে নজিৰ গঢ়িবলৈ সক্ষম হৈছে ৷ ইয়াৰ পূৰ্বে ২০২০ চনত শ্বাৰজাহত পঞ্জাৱৰ বিৰুদ্ধে ২২৪ ৰান খেদি ৰাজস্থানে জয়লাভ কৰিছিল। কিছুদিন পূৰ্বে এইবাৰ ইডেনত ২২৪ ৰানত ৰাজস্থানেই কলকাতাৰ বিৰুদ্ধে জয়লাভ কৰিছিল। ২০২১ চনত ২১৯ ৰান কৰি চেন্নাইক পৰাস্ত কৰিছিল মুম্বাইয়ে ।
আই পি এলৰ এটা ইনিংছত যিকোনো দলৰ সৰ্বাধিক ছয়
কলকাতাৰ বিৰুদ্ধে পঞ্জাৱৰ বেটছমেনে মুঠ ২৪টা ছয় কোবাই। ই সৰ্বোচ্চ। ইয়াৰ পূৰ্বে এই আই পি এলত বেংগালুৰুৰ বিৰুদ্ধে হায়দৰাবাদৰ বেটছমেনে ২২টা ছয় কোবাইছিল । আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এই অভিলেখ গঢ়িছিল নেপালে। যোৱা বছৰৰ এছিয়ান গেমছত মংগোলিয়াৰ বিৰুদ্ধে নেপালে ২৬টা ছয় কোবাইছিল।
আই পি এলত দুটা ইনিংছৰ ৰান যোগ কৰি তৃতীয় স্থান
এইবাৰ হায়দৰাবাদ বনাম বেংগালুৰু মেচখনে দুটা ইনিংছত ৫৪৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ পূৰ্বে হায়দৰাবাদ বনাম মুম্বাইৰ খেলখনত ৫২৩ ৰান সংগ্ৰহ হৈছিল। শুকুৰবাৰে ইডেনত কলকাতা আৰু পঞ্জাৱৰ দুয়োটা ইনিংছত মুঠ ৫২৩ ৰান সংগ্ৰহ কৰা হয় । ইয়াৰ পূৰ্বে ২০১০ চনত চেন্নাই বনাম ৰাজস্থানৰ মেচত দুটা ইনিংছত সংগ্ৰহ হৈছিল ৪৬৯ ৰান ।