কেইদিনমানৰ পিছত নিৰ্বাচিত হ’ব টি-২০ বিশ্বকাপ দল। তাৰ আগতে বহুতে নিজৰ প্ৰিয় ভাৰতীয় দলটো বাছি লৈছে। যুৱৰাজ সিঙেও কৰিছে বিশ্বকাপ দলক লৈ ভৱিষ্যৎবাণী ৷ ২০০৭ চনত ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ী দলৰ শ্ৰেষ্ঠ অল-ৰাউণ্ডাৰ আছিল যুৱৰাজ । ৬ বলত ৬টা ছয়ৰ পৰা আৰম্ভ কৰি যুৱৰাজৰ বেটেৰে বহু কৃতিত্বৰ সৃষ্টি হৈছিল। সেই যুৱৰাজৰ মতে ভাৰতৰ বিশ্বকাপ দলত দুজনৰ স্থান অতি উজ্জ্বল।
আইচিচিক দিয়া এক সাক্ষাৎকাৰত যুৱৰাজে কয় যে ভাৰতৰ জয়ৰ চাবিকাঠি সূৰ্যকুমাৰ যাদৱৰ হাতত থাকিব। তেওঁৰ খেলৰ ধৰণে ১৫ বলতে মেচৰ ৰং সলনি কৰিব পাৰে। ভাৰতে বিশ্বকাপ জয় কৰিবলৈ হ’লে সূৰ্য্যই ভাল বেটিং কৰাটো প্ৰয়োজন।
যুৱৰাজে বেটৰ সৈতে সূৰ্য্যৰ ওপৰত নিৰ্ভৰ কৰাৰ সমান্তৰালকৈ বলাৰ হিচাপে যশপ্ৰীত বুমৰাহৰ নাম উল্লেখ কৰে কৰে। যুৱৰাজে কয়, ‘বুমৰাহে বলৰ সৈতে অতি ফলপ্ৰসূ ভূমিকা পালন কৰিব। দলত এজন লেগ স্পিনাৰ দেখা পালে ভাল পাম। যুজবেন্দ্ৰ চাহালৰ দৰে কোনোবা এজনক দলত অন্তৰ্ভুক্ত কৰিব পাৰি। তেওঁ ভাল বলিং কৰিছে ।”
ভাৰতৰ উইকেটৰক্ষক কোন হ’ব সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। যুৱৰাজে কয়, ‘দীনেশ কাৰ্তিকে ভাল খেলিছে। ২০২২ চনত আই পি এলত ভাল খেলাৰ পিছত তেওঁক বিশ্বকাপলৈ লৈ যোৱা হয়। কিন্তু তাত খেলিব নোৱাৰিলে। আৰু যদি কাৰ্তিকক প্ৰথম একাদশত খেলোৱা নহয়, তেন্তে তেওঁক দলত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নাই। তেওঁতকৈ ঋষভ পন্ত আৰু সঞ্জু চেমচনক লোৱাই ভাল। তেওঁলোক ফৰ্মত আছে।”
যুৱৰাজৰ মতে, ভৱিষ্যতে তাৰকা হ’বলৈ শিৱম ডুবেৰ সকলো উপাদান আছে। তেওঁ কয়, ‘মই ডুবেক টি-২০ বিশ্বকাপৰ দলত চাবলৈ বিচাৰিম। তেওঁ ধাৰাবাহিকভাৱে দলত স্থান পোৱা নাই। মেচৰ ৰং সলনি কৰাৰ ক্ষমতা তেওঁৰ আছে। বহুতে এইবাৰ খেলিছে। কিন্তু বাকীসকলৰ পৰা ডুবে পৃথক ৷ মই তেওঁক ভাৰতৰ টি-২০ বিশ্বকাপ দলত চাব বিচাৰিম।’