বিদ্যা বালানে কেতিয়াও বলীউড উদ্যোগৰ ভিতৰৰ কথা বা আন কোনো বিতৰ্কিত বিষয়ৰ কথা কোৱাৰ পৰা বিৰত নাথাকে ৷ কিন্তু, ৰাজনীতিৰ কথা কোৱাৰ পৰা সদায় আঁতৰি থাকে অভিনেত্ৰী গৰাকীয়ে ৷ শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কিয় ৰজনীতিৰ পৰা আঁতৰি থাকে সেই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয়, ‘ৰাজনীতিৰ কথা ক’বলৈ ভয়। মোক কেতিয়া বৰ্জন কৰিব কোনে জানে !”
অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ লগত এনে ঘটনা কেতিয়াও হোৱা নাছিল। কিন্তু আজিকালি মনোৰঞ্জন জগতৰ মানুহে ৰাজনৈতিক মতামত দিয়াৰ আগতে দুবাৰ চিন্তা কৰে। বিশেষকৈ ছবি এখনৰ মুক্তি বৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে অধিক সাৱধান হ’ব লাগিব। কাৰণ, প্ৰায় ২০০ জন মানুহৰ উপাৰ্জন এখন ছবিৰ সৈতে জড়িত হৈ থাকে। অভিনেত্ৰীগৰাকীৰ ভাষাত, “কোনটো কথা কাৰ কেতিয়া বেয়া লাগিব…! সেইবাবেই মই ৰাজনীতিৰ পৰা আঁতৰি থাকোঁ।”
উদ্যোগটোত প্ৰতিস্থা লাভ কৰিবলৈ হ’লে অভিনয়ৰ দক্ষতা থাকিব লাগিব। এই প্ৰসংগত অভিনেত্ৰীগৰাকীয়ে কয়, “মই যেতিয়া কাম আৰম্ভ কৰিছিলো, তেতিয়া মোৰ বিষয়ে বহু কথা ক’বলৈ আৰম্ভ কৰিছিল। মোৰ কাম দেখি তেওঁলোক নিৰাপত্তাহীনতাত ভূগিছিল ৷ মই ইণ্ডাষ্ট্ৰীত থাকিবলৈ আহিছিলো। ক্ষমা কৰিব, উদ্যোগটো কাৰো পিতৃৰ গৃহ নহয়।”
‘দ্য ডাৰ্টি পিকচাৰ’ ছবিখনত অভিনয় কৰি বিদ্যা বালানে শিৰোনাম দখল কৰিছিল। ছবিখনৰ বিষয়ে কওঁতে অভিনেত্ৰীগৰাকীয়ে কয় যে এই ছবিখন কৰি থাকোঁতে তেওঁ ধূমপানৰ প্ৰতি আসক্ত হৈ পৰিছিল। অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই চুটি পোছাক পিন্ধা, কাপোৰ উদঙাই দিয়া কার্যক লৈ সন্দেহ প্ৰকাশ কৰিছিলোঁ। তাৰ ওপৰত সেই ধৰণৰ নাচ…! অভিনেত্ৰী হোৱাৰ কথা ভাবিলে মই কেতিয়াও কল্পনা কৰা নাছিলো যে মই এই ধৰণৰ কাম কৰিম। সাময়িকভাৱে মোৰ বাবে এটা ডাঙৰ সুযোগ যেন লাগিছিল ৷”