নিউজিলেণ্ডে ঘোষণা কৰিলে টি-২০ বিশ্বকাপ দল। ১৫ জনীয়া দল ঘোষণা কৰে দেশখনে । কেন উইলিয়ামছনক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে এই দলৰ। বৰ্তমানৰ আই পি এলত গুজৰাট টাইটানছৰ হৈ উইলিয়ামছনে মাত্ৰ দুখন মেচহে খেলিছে। আই পি এলত ভাল প্ৰদর্শন কৰা ক্ৰিকেটাৰগৰাকীক দলৰ দায়িত্ব অৰ্পণ কৰিছে নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে। এইটো উইলিয়ামছনৰ ষষ্ঠ টি-২০ বিশ্বকাপ। চতুৰ্থবাৰৰ বাবে অধিনায়ক হিচাপে খেলিব তেওঁ ।
১৫ জনীয়া দলটোৰ উল্লেখযোগ্য নাম হৈছে ডেভন কনৱে। আঘাতৰ বাবে তেওঁ বৰ্তমানৰ আই পি এলত খেলিব পৰা নাই। চেন্নাই ছুপাৰ কিংছৰ ক্ৰিকেটাৰগৰাকী বিশ্বকাপৰ পূৰ্বে সুস্থ হৈ উঠিব বুলি নিউজিলেণ্ড ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে। কনৱেইও হয়তো উইকেটৰক্ষক হিচাপে দায়িত্ব পালন কৰিব ৷ কাৰণ দুজন উইকেটকীপাৰ টিম ছেইফাৰ্ট আৰু টম ব্লুণ্ডেলক দলত স্থান দিয়া হোৱা নাই। ফিন এলেন দলৰ দ্বিতীয় উইকেটকীপাৰ।
ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত খেলাৰ বাবে নিউজিলেণ্ডে দলটোৰ স্পিন বিভাগটো শক্তিশালী কৰিব বিচাৰিছে । ইশ সোধিৰ লগতে মিচেল ছাণ্টনাৰ, ৰাচিন ৰবিন্দ্ৰ, গ্লেন ফিলিপছ, মাৰ্ক চেপমেন আৰু মাইকেল ব্ৰেচৱেলেও স্পিন কৰিব পাৰে। টিম চাউথী, জিমি নিছাম, ট্ৰেণ্ট ব’ল্টৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰো দলটোত আছে। প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপত খেলিছে কেৱল ৰবীন্দ্ৰ আৰু মেট হেনৰী।
নিউজিলেণ্ডৰ মুখ্য প্ৰশিক্ষক গেৰী ষ্টিডে কয় যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দলটো নিৰ্মাণ কৰা হৈছে। তেওঁ, দলৰ সকলোকে আগতীয়াকৈ অভিনন্দন জনাই। দেশৰ হৈ বিশ্বকাপ খেলাটো এটা ডাঙৰ মুহূৰ্ত।
নিউজিলেণ্ড দল – কেন উইলিয়ামছন (অধিনায়ক), ফিন এলেন, ট্ৰেণ্ট ব’ল্ট, মাইকেল ব্ৰেচৱেল, মাৰ্ক চেপমেন, ডেভন কনৱে, লকি ফাৰ্গুচন, মেট হেনৰী, ডেৰিল মিচেল, জিমি নিছাম, গ্লেন ফিলিপছ, ৰাচিন ৰবিন্দ্ৰ, মিচেল ছান্টনাৰ, ইছ ছোধি, টিম চাউদি ।