দেৰাডুনত অনুষ্ঠিত ১৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ ৰোল বল চেম্পিয়নশ্বিপত অসমৰ ছোৱালীৰ দলে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে ।২৮ এপ্ৰিল দেওবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত অসমৰ দলটোৱে তামিলনাডুক ৯-৩ গ’লত পৰাস্ত কৰে।অসমৰ হৈ অধিনায়ক নম্ৰতা কৈৰীয়ে ৪ টা,শ্ৰীনিকা (কুকি) মজুমদাৰ আৰু মিছকা সিংহলে ২ টা আৰু কৃষ্টি চহৰীয়াই ১ টা গ’ল স্ক’ৰ কৰে।
ছেমি ফাইনেলত অসমৰ দলটোৱে ছত্তীশগড়ক ৭-৩ গ’লত,কোৱাৰ্টাৰ ফাইনেলত পুনেৰ আৰ এছ এছ এ অৰ্থাৎ ৰোলাৰ স্পৰ্টছ এণ্ড ছচিয়েল একাডেমীক ৫-০ গ’লত পৰাস্ত কৰে।ইফালে,লীগ মেচৰ ছোৱালী শাখাত অসমে জম্মু-কাশ্মীৰক ৩-১,পঞ্জাৱক ১১-১,দমন আৰু ডিউক ১০-০,তামিলনাডুক ৫-০ আৰু উত্তৰ প্ৰদেশক ৬-২ গ’লত পৰাস্ত কৰিছিল। ইয়াৰ পাছত অসমৰ দলটোৱে ফাইনেলত প্ৰৱেশ কৰে ৷
ল’ৰাৰ শাখাত অসমে ছেমি ফাইনেলত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৩-১১ গ’লত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকে।কোৱাৰ্টাৰ ফাইনেলত অসমৰ ল’ৰাৰ দলে তামিলনাডুক ৪-৩ গ’লত পৰাস্ত কৰে।অসমৰ লগতে লাডাখ,পুডুচেৰী আদিকে ধৰি বহুকেইখন ৰাজ্যই অংশগ্ৰহণ কৰে ৷ এইবাৰ ল’ৰাৰ শাখাত মুঠ ২৮ টা আৰু ছোৱালীৰ শাখাত ২৪ টা দলে প্ৰতিদ্বন্দ্বিতা কৰে।