আঘাতৰ বাবে একেৰাহে পাঁচখন মেচত অংশ ল’ব নোৱাৰা মায়ংক যাদৱে মঙলবাৰে মুম্বাইৰ বিৰুদ্ধে প্ৰত্যাৱৰ্তন কৰে।কিন্তু মেচলৈ ওভতিয়েই পুনৰ আঘাতপ্ৰাপ্ত হ’ল মায়ংক যাদৱ। মেচখনত এটা সম্পূর্ণ অ’ভাৰ বলও কৰিব নোৱাৰিলে। জানিব পৰা মতে, একে ঠাইতে তেওঁ পুনৰ আঘাতপ্ৰাপ্ত হয়।
লক্ষ্ণৌৰ প্ৰশিক্ষক জাষ্টিন লেংগাৰে মেচৰ অন্তত মায়ংকৰ বিষয়ে কয়, ‘আগতে আঘাত পোৱা স্থানডোখৰ পুনৰ ফুলি উঠিছে। কিন্তু তেওঁৰ ৰিহাবত কোনো সমস্যা নাছিল। যোৱা সপ্তাহত কোনো বিষ নোহোৱাকৈ বল কৰিছিল। আজিও তেওঁক আৰম্ভণিৰে পৰা দেখা পাই ভাল লাগিল। এতিয়াৰ বাবে তেওঁক স্কেন কৰা হ’ব।”
পঞ্জাৱৰ বিৰুদ্ধে আই পি এলৰ খেলখনত মায়ংকে ১৫৫.৮ কিলোমিটাৰ বেগেৰে বলিং কৰি চর্চা লাভ কৰিছিল ৷ পৰৱৰ্তী খেলখনত বেংগালুৰুৰ বিৰুদ্ধে ১৫৬.৭ কিলোমিটাৰ বেগেৰে বলিং কৰি নজিৰ গঢ়িছে ৷ ইয়াৰ পিছত তেওঁ আহত হয় আৰু নক আউট হয়। লক্ষ্ণৌৰ অধিনায়ক কে এল ৰাহুলে কয়, ‘মই মায়ংকৰ সৈতে কথা পতা নাই। কিন্তু প্ৰথম বলৰ পিছত তেওঁ বিষ অনুভৱ কৰিছে ।“