আই পি এলত এইবাৰ চেন্নাইক নেতৃত্ব দিয়াৰ সুযোগ পাইছে ঋতুৰাজ গাইকোৱাদে। প্লে অফৰ দৌৰতো আছে চেন্নাই। ঋতুৰাজে নিজেই ভাল স্ক’ৰ কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু টছৰ সময়ত তেওঁৰ ভাগ্য সুপ্ৰসন্ন হোৱা নাই ৷ ১০ বাৰৰ ভিতৰত ৯ বাৰ পৰাস্ত হৈছে । টছত পৰাস্ত হোৱাৰ বাবে চেন্নাইয়ে মেচত পৰাস্ত হৈছে নেকি?
বুধবাৰে পঞ্জাৱৰ হাতত পৰাস্ত হোৱাৰ পিছত এনে কাৰণৰ উন্মেষ ঘটিছিল। টছৰ পৰাজয়ৰ ফলত মেচৰ ফলাফল সলনি হয়। প্ৰথমে বেটিং কৰি চেন্নাইয়ে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰিব নোৱাৰিলে। পৰৱৰ্তী অভাৰত পঞ্জাবে সহজে তেওঁলোকক হৰুৱাইছিল। খেলৰ অন্তত ঋতুৰাজে মানি লৈছিল যে টছৰ পৰাজয়ৰ বাবে তেওঁলোকে জয়ী হ’ব নোৱাৰে। অনুশীলনৰ সময়ত টছৰ অনুশীলন কৰা বুলিও তেওঁ স্বীকাৰ কৰে।
ঋতুৰাজে কয়, ‘কমেও ৫০-৬০ ৰান আমি কম কৰিছিলো ৷আমি বেটিং কৰাৰ সময়ত পিটচখন বৰ সহজ নাছিল। পিছলৈ বহুত সহজ হৈ পৰিল। ইমপেক্ট প্লেয়াৰৰ ক্ষেত্ৰতো আমি পিছ পৰি আছিলো। প্ৰস্তুতিৰ সময়ত ময়ো টছৰ অনুশীলন কৰো।”
ঋতুৰাজে লগতে কয়, ‘টছ আমাৰ পক্ষত একেবাৰেই যোৱা নাই। ইয়াৰ বাবে কি কৰিব লাগে বুজি পোৱা নাই? সঁচা কথা ক’বলৈ গ’লে এতিয়া টছ কৰিবলৈ গ’লে মোৰ মানসিক চাপ হয়। মই ভাবি আচৰিত হৈছো যে এই পৰিস্থিতিতো মই শেষৰখন মেচত ডাঙৰ ব্যৱধানত জয়ী হৈছিলো।’ আঘাতৰ বাবে চেন্নাই বিপদত পৰিছে বুলি মানি লৈছে অধিনায়কজনে। বুধবাৰে চেন্নাইয়ে নাপালে মথিছা পাথিৰানা আৰু তুষাৰ দেশপাণ্ডেৰ দৰে ক্ৰিকেটাৰক। দীপক চহৰেও মাত্ৰ দুটা বলৰ পাছতে আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছিল।
ঋতুৰাজে কয়-, ‘আঘাত আমাৰ বাবে এতিয়া এটা ডাঙৰ সমস্যা। কেতিয়াবা উইকেটৰ প্ৰয়োজন হয়। তেতিয়া মাত্ৰ দুজন বলাৰৰ সৈতে সেয়া সম্ভৱ নহয়।”