ক্ৰিকেট বিশেষজ্ঞৰ এটা অংশই ভাবিছিল যে ভাৰতৰ টি-২০ বিশ্বকাপ দলত ৰিয়ান পৰাগে সুযোগ পাব। অসমৰ যুৱ অলৰাউণ্ডাৰগৰাকীয়ে ৰাজস্থান ৰয়েলছৰ হৈ আই পি এল খেলি আছে। তেওঁৰ ফৰ্ম ভাল।কিন্তু তেওঁ অৱশেষত দলত স্থান লাভ কৰাত ব্যর্থ হয় ৷ বিশ্বকাপত সুযোগ নোপোৱা সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিয়ানে।
শেহতীয়াকৈ আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছৰ খেলখনৰ পিছতে বিশ্বকাপ দল সন্দৰ্ভত ৰিয়ানে কয় যে তেওঁ নিজেও নিৰাশ হোৱা নাই। ৰিয়ানে কয় –“ মই হতাশ হোৱা নাই। এইবাৰ আই পি এল খেলাৰ ক্ষেত্ৰত মই অনিশ্চিত হৈ পৰিছিলোঁ। কিছুমান জল্পনা-কল্পনা মোৰ কাণত পৰিছিল ৷ এতিয়া মই আৰু ছচিয়েল মিডিয়াত নাই। অৱশ্যে কিছুমান কথা মোৰ কাণত পৰিছিল ৷ যিসকলে মোৰ নাম কৈছিল তেওঁলোকে সঠিক কাৰণত কৈ আছিল। কোৱাত কোনো সমস্যা নাই ,মই তাতেই সুখী ৷”
বিশ্বকাপৰ দলত স্থান নোপোৱাৰ পাছতো কিয় হতাশ নহয় ৰিয়ান ? ৰিয়ানে কয় –“ মই সুযোগ পোৱাৰ কথাও ভবা নাছিলো। কোনো আশা নাছিল। মোৰ দলৰ কেইবাজনো সতীর্থই স্থান লাভ কৰিছে । তেওঁলোকৰ বাবে মই সুখী। বিশেষকৈ সঞ্জু চেমচনৰ বাবে মই সুখী । সঞ্জু চেমচন সুযোগ লাভৰ বাবে যোগ্য আছিল। এটা ভাল দল হৈছে । আশাকৰোঁ আমি বিশ্বকাপ জয় কৰিব পাৰিম।”
আই পি এলৰ প্ৰায় প্ৰতিখন মেচতে সফলতা লাভ কৰিছে ৰিয়ানে। তেওঁ এই পৰ্যন্ত ১০খন মেচত ৪০৯ ৰান সংগ্ৰহ কৰিছে। চাৰিটা অর্ধশতক অর্জন কৰিছে ৷ ৰিয়ানৰ ষ্ট্ৰাইক ৰেট ১৫৯.১৪। কমলা টুপীৰ দৌৰত চতুৰ্থ স্থানত আছে ৰাজস্থানৰ ক্ৰিকেটাৰগৰাকী। বৃহস্পতিবাৰে হায়দৰাবাদৰ বিৰুদ্ধে ৪৯টা বলত ৭৭ ৰান সংগ্ৰহ কৰে ৰিয়ানে।