ডেৰ-দুই মাহৰ পাছত পেৰিছ অলিম্পিক আৰম্ভ হ’ব । তাত খেলিবলৈ আৰু দুটা ভাৰতীয় দলে যোগ্যতা অৰ্জন কৰে। এথলেটিকছত ভাৰতৰ পুৰুষ-মহিলাৰ এটাকৈ দলে অলিম্পিকত খেলিব। পুৰুষ আৰু মহিলাৰ ৪x৪০০ মিটাৰ ৰিলে দৌৰত বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিছে ৷বিশ্ব এথলেটিকছ ৰিলেত দ্বিতীয় ৰাউণ্ডৰ হিটত দুয়োটা দলে দ্বিতীয় স্থান দখল কৰে। ফলত তেওঁলোকে অলিম্পিকত সুযোগ লাভ কৰাটো নিশ্চিত হয় ৷
মহিলা দলে প্ৰথমে যোগ্যতা অৰ্জন কৰে। ৰূপৌল চৌধুৰী, এম আৰ পূৱম্মা, জ্যোতিকা শ্ৰী দণ্ডী আৰু শুভা বেংকটেচনৰ দলে ৩ মিনিট ২৯.৩৫ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে। জামাইকাৰ পিছতে (৩ মিনিট ২৮.৫৪ ছেকেণ্ড) অন্ত পেলায় তেওঁলোকে ।
পিছত মহম্মদ আনাছ ইয়াহ্যা, মহম্মদ আজমল, আৰোকিয়া ৰাজীৱ আৰু আমোজ জেকবৰ পুৰুষৰ দলটোৱেও অলিম্পিকৰ টিকট লাভ কৰে। ভাৰতীয় পুৰুষ দলটোৱে আমেৰিকাৰ পিছতে ২ মিনিট ৫৯.৯৫ ছেকেণ্ডত দৌৰ সমাপ্ত কৰে ৷ এই দুটা দলৰ পিছত ১৯ গৰাকী ভাৰতীয় খেলুৱৈয়ে পেৰিছ অলিম্পিকৰ টিকট নিশ্চিত কৰিছে। ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ চলিব পেৰিছ অলিম্পিক। ১ আগষ্টৰ পৰা আৰম্ভ হ’ব এথলেটিকছ।