আইপিএলৰ বাবেই এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল অষ্ট্ৰেলিয়া ৷ অষ্ট্ৰেলিয়াৰ অ’পেনাৰ ডেভিদ ৱাৰ্নাৰে তেনেকৈয়ে ভাবে। যোৱা বছৰ অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি এদিনীয়া বিশ্বকাপত জয়লাভ কৰিছিল। সেই জয়ৰ বাবে ৱাৰ্নাৰে আই পি এলক কৃতিত্ব দিছে ৷
বিশ্বকাপত একেৰাহে ১০খন খেলত জয়লাভ কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত পৰাস্ত হয় ৰোহিত শৰ্মাৰ দল। সেই মেচত ৱাৰ্নাৰে বহু ৰান কৰা নাছিল। কিন্তু আনজন অ’পেনাৰ ট্ৰেভিছ হেডে ১২০টা বলত ১৩৭ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াই সহজে জয়লাভ কৰে মেচখনত।
সেই জয়ৰ কথা উল্লেখ কৰি ৱাৰ্নাৰে কয়, ‘আমি আই পি এলত খেলিছো। ভাৰতীয় পিটচ কেনেকুৱা হয় মই জানো। বতৰ, পৰিস্থিতি, খেলপথাৰ, সকলোবোৰ আমাৰ বাবে চিনাকি। ৰঙা মাটি হ’লে পিটচ কেনেকুৱা হ’ব, ক’লা মাটি হ’লে কেনেকুৱা হ’ব আমি জানিছিলোঁ। সেইটোৱে আমাক সহায় কৰিলে।”
টেষ্ট আৰু এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৱাৰ্নাৰে। এইবাৰ টি-২০ বিশ্বকাপ খেলিব তেওঁ । আহমেদাবাদত অনুষ্ঠিত হৈছিল এদিনীয়া বিশ্বকাপৰ ফাইনেল। ৱাৰ্নাৰে ভাবে যে সেইটোও অষ্ট্ৰেলিয়াৰ সপক্ষে গৈছিল। তেওঁ কয় “আমাৰ হেৰুৱাবলগীয়া একো নাছিল। ২০০৯ চনৰ পৰা আমি ভাৰতীয় খেলপথাৰবোৰ ভালদৰে জানিবলৈ আৰম্ভ কৰিছো। আহমেদাবাদ এনে এখন খেলপথাৰ য’ৰ চাৰিসীমা অষ্ট্ৰেলিয়াৰ দৰে। আমি মেলবৰ্ণৰ খেলপথাৰক মনত ৰাখি পৰিকল্পনা কৰিলোঁ। আমি ভাৰতক বলিং কৰি থাকোঁতে দূৰৰ সীমাত আঘাত কৰিবলৈ বাধ্য কৰি আছিলো। বুকুৰ উচ্চতাত বল কৰিছিলো ৷ মেলবৰ্ণক মনত ৰাখি বেটিং কৰি থাকোঁতে মই সুযোগ বিচাৰি আছিলো। “
তেওঁৰ মতে, অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰসকলে এই পৰিকল্পনা কাৰ্যকৰী কৰাত সফল হৈছিল। ৱাৰ্নাৰে কয় –“ আমাৰ দলটো অতি অভিজ্ঞ। মই যিদৰে খেলিম বুলি ভবা ধৰণে খেলিব পাৰিলোঁ। কাৰণ আমি উইকেট বুজি পাইছিলোঁ।”