আগন্তুক ছবি ‘লাহোৰ ১৯৪৭’ৰ শ্বুটিঙত ব্যস্ত অভিনেত্ৰী প্ৰীতি জিন্টা। ইয়াৰ উপৰিও আই পি এলত নিজৰ দল ‘পাঞ্জাব কিংছ’ক সমর্থন কৰিবলৈ কিছু সময় কটাবলগীয়া হৈছে অভিনেত্ৰীগৰাকীয়ে।
এটা সময়ত প্ৰীতিয়ে বলীউডৰ তাৰকা শ্বাহৰুখ খান আৰু ছলমান খানৰ সৈতে কেইবাখনো ছবিত অভিনয় কৰিছিল ৷ শ্বাহৰুখ বা ছলমানৰ বিপৰীতে তেওঁক আকৌ দেখা পোৱা যাবনে? এনে প্ৰশ্ন উত্থাপিত হৈছে অনুৰাগীৰ মনত ৷ শ্বাহৰুখৰ সৈতে পুনৰ অভিনয় কৰা প্ৰসংগত প্ৰীতিয়ে কয়, ‘যেতিয়া আমি এখন অতি ভাল চিত্ৰনাট্য পাম, য’ত কেৱল আমি দুয়োজনেহে অভিনয় কৰিব পাৰিব, তেতিয়া আমি একেলগে কাম কৰিম। তেতিয়ালৈকে আমি অপেক্ষা কৰিব লাগিব।”
প্ৰীতি আৰু শ্বাহৰুখে একেলগে ‘কভি আলভিদা না কেহনা’, ‘বীৰ জাৰা’, ‘দিল ছে’ আদি ছবিত অভিনয় কৰিছিল। বলীউডৰ কিঙৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে কয়, ‘শ্বাহৰুখ এজন অতি প্ৰতিভাশালী অভিনেতা। ইয়াৰ বাহিৰেও সহ অভিনেতা হিচাপে তেওঁ অতি উদাৰ আৰু ধেমেলীয়া। ‘দিল ছে’ ছবিখনৰ সময়ত তেওঁৰ পৰা বহু কথা শিকিলোঁ৷ “
আন এজন অনুৰাগীয়ে ছলমানৰ বিষয়ে সোধাত তেওঁ কয়-, “চিত্ৰনাট্য ভাল হ’লে সকলো সম্ভৱ”।অভিনেত্ৰীগৰাকীয়ে কয় যে ছলমানৰ বিপৰীতে তেওঁৰ প্ৰিয় ছবি ‘চোৰী চোৰী চুপকে চুপকে’। লগতে প্ৰীতি-ছলমানক দেখা গৈছিল ‘হৰ দিল জো পিয়াৰ কৰিগা’, ‘জান-ই-মন’ আদি ছবিত।
কাকতলীয়াকৈ ক’বলৈ গ’লে ‘লাহোৰ ১৯৪৭’ ছবিৰ জৰিয়তে অভিনেত্ৰী হিচাপে বলীউডলৈ ঘূৰি আহিবলৈ ওলাইছে প্ৰীতি জিন্টা। দেশ বিভাজনৰ পটভূমিত নিৰ্মিত এই ছবিখনত প্ৰীতিৰ বিপৰীতে অভিনয় কৰিছে অভিনেতা ছানী দেওলে। শেহতীয়াকৈ প্ৰীতিয়ে এই ছবিখনৰ শ্বুটিংৰ কিছু দৃশ্য তেওঁৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।