যোৱা ৬ বছৰ ধৰি আই পি এলত চেন্নাই ছুপাৰ কিংছৰ অংশ হোৱাৰ পাছতো মাত্ৰ ১৬খন মেচত খেলাৰ সুযোগ লাভ কৰিছে এজন ক্ৰিকেটাৰে । অৱশেষত চেন্নাইৰ প্ৰতি থকা নিজৰ হতাশাৰ কথা প্ৰকাশ কৰিলে মিচেল ছাণ্টনাৰে।
২০১৮ চনৰ নিলামত চেন্নাইয়ে তেওঁক ৫০ লাখ টকাত ক্ৰয় কৰিছিল। সেই বছৰ খেলাৰ সুযোগ নাপালে। পিছৰ বছৰত ৰাজস্থানৰ মেচত তেওঁ অভিষেক ঘটায়। তেওঁ এই পৰ্যন্ত ১৬খন মেচত ৬৭ ৰান সংগ্ৰহ কৰিছে। ১৪টা উইকেট লয়।
চেন্নাইৰ ৱেবছাইটত ছান্টনাৰে কয়, ‘মই কেতিয়াও অবিৰতভাৱে খেলাৰ সুযোগ নাপাওঁ। সেইটো মানি লোৱাটো মোৰ বাবে এক প্ৰত্যাহ্বান। কিন্তু খেলিব নোৱাৰিলেও মনোযোগ হেৰুৱাব নালাগে। আনক সহায় কৰিবলৈ মই সদায় সাজু। অনুশীলনত হওক বা মেচৰ মাজত হওক। বহুত মানুহৰ লগত কথা পাতো।”
এইবাৰ ছান্টনাৰে মাত্ৰ এখন মেচত খেলাৰ সুযোগ পাইছে। ৫ মে’ৰ মেচত পঞ্জাৱৰ বিৰুদ্ধে খেলিছিল তেওঁ । সেই প্ৰসংগত তেওঁ কয়, “যদি মই সুযোগ পাওঁ, তেন্তে মই সদায় চেষ্টা কৰো যে মই সেই সুযোগ হেৰুৱাব নালাগে। সদায় সুযোগৰ বাবে অপেক্ষা কৰি থাকো। যদি মই দুখন মেচ পাওঁ, তেন্তে সেইখনত মোৰ শ্ৰেষ্ঠখিনি দিবলৈ চেষ্টা কৰো।”